বাইহাটা, 23 ছেপ্তেম্বৰ:বাইহাটাত পথ নিৰ্মাণকাৰ্যত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ ৰঙিয়া গ্ৰাম্য পথ সংমণ্ডলৰ অধীনত বাইহাটা চাৰিআলিৰ কৰৰা পিংগলেশ্বৰ দেৱালয় পথৰ পৰা খৰিকটা হাইস্কুললৈ যোৱা পথ নিৰ্মাণত সংঘটিত হৈছে অনিয়ম ৷ অভিযোগ অনুসৰি SOPD আঁচনিৰ অধীনৰ পথটো নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ কামাল উদ্দিন আহমেদে নিম্ন মানৰ কাম কৰি সৰকাইছে চৰকাৰী ধন ৷ যাৰ বাবে এবছৰ নৌহওতেই ছাইড বামৰ পৰা এৰাই গ'ল পথৰ ব্লকসমূহ ৷ স্থানীয় ৰাইজে বিধায়ক সত্যব্ৰত কলিতাই মুকলি কৰা পথটি অতি শীঘ্ৰেই পুনৰ মেৰামতি কৰাৰ দাবী জনায় সংবাদ মাধ্যমযোগে ৷
বাইহাটাত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
বাইহাটা চাৰিআলিৰ কৰৰা পিংগলেশ্বৰ দেৱালয় পথৰ পৰা খৰিকটা হাইস্কুললৈ যোৱা পথ নিৰ্মাণত ঠিকাদাৰ কামাল উদ্দিন আহমেদে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
পথ নিৰ্মাণকাৰ্যত দুৰ্নীতিৰ অভিযোগ