অসম

assam

ETV Bharat / state

ৰঙিয়াত ক’ভিড নিৰাময়ৰ কৰ্তব্যত নিয়োজিত চাফাই কৰ্মীৰ অৱস্থান ধৰ্মঘট

কামৰূপ জিলাত কোৱাৰেন্টাইন কেন্দ্ৰত নিযুক্ত এই চাফাই কৰ্মীৰ সকলক ছয়মাহ কাৰ্যকালৰ বাবে স্বাস্থ্য বিভাগে নিযুক্তি দিছিল। কিন্তু তিনিমাহৰ পিছত আগতীয়া জাননী নিদিয়াকৈ চাফাই কৰ্মী সকলক কৰ্মৰ পৰা অব‍্যাহতি দিয়া হয়।

covid warear protest at rangia
ৰঙিয়াত ক’ভিড চাফাই কৰ্মীৰ অৱস্থান ধৰ্মঘট

By

Published : Nov 3, 2020, 10:39 PM IST

ৰঙিয়া,3 নৱেম্বৰঃ ৰঙিয়াত মঙলবাৰে ক’ভিড নিৰাময়ৰ কৰ্তব্যত নিয়োজিত চাফাই কৰ্মীসকলে মৌন অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। স্বাস্থ্য বিভাগৰ চতুৰ্থ শ্ৰেণীৰ নিয়মীয়া পদত নিযুক্তি দিয়াৰ দাবীত চাফাই কৰ্মী সকলে এই মৌন অৱস্থান গ্ৰহণ কৰে।

কামৰূপ জিলাত কোৱাৰেন্টাইন কেন্দ্ৰত নিযুক্ত এই চাফাই কৰ্মীৰ সকলক ছয়মাহ কাৰ্যকালৰ বাবে স্বাস্থ্য বিভাগে নিযুক্তি দিছিল। কিন্তু তিনিমাহৰ পিছত আগতীয়া জাননী নিদিয়াকৈ চাফাই কৰ্মী সকলক কৰ্মৰ পৰা অব‍্যাহতি দিয়া হয়।

ক’ভিডৰ আতংকৰ মাজতে সেৱাৰ মনোভাৱেৰে সমাজৰ কল‍্যাণৰ হকে আগবাঢ়ি অহা এই সকল ক’ভিড যুঁজাৰুক হঠাতে কৰ্মৰ পৰা অব‍্যাহতি দিয়া কাৰ্য‍্যৰ তীব্ৰ বিৰোধিতা কৰি ক্ষোভ উজাৰে স্বাস্থ্য কৰ্মী সকলে। চাফাই কৰ্মী সকলে দুখেৰে সংবাদ মাধ‍্যমক জনাই যে, কোৱাৰেন্টাইন কেন্দ্ৰত কাম কৰাৰ বাবে এতিয়া এইসকল যুৱক-যুৱতীক পূৰ্বৰ প্ৰতিস্থানে কামত নিযুক্ত কৰিব বিচৰা নাই। চাফাই কৰ্মী সকলে দাবী জনায় যে স্বাস্থ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগত এইসকল চাফাই কৰ্মীক চতুৰ্থ শ্ৰেণীৰ পদত মকৰল কৰক।

লগতে পঢ়কঃ নগাঁৱত তৎকালীনভাৱে বলবৎ হোৱাকৈ 144 ধাৰা জাৰি

ABOUT THE AUTHOR

...view details