ৰঙিয়া, 10 অক্টোবৰ : ৰঙিয়াত কংগ্ৰেছে শনিবাৰে কৃষি আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰঙিয়াৰ ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাৰ নেতৃত্বত পালন কৰা এই কাৰ্যসূচীত চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয় ৷
কৃষি আইনৰ বিৰুদ্ধে ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ - প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী
ৰঙিয়াত কংগ্ৰেছে শনিবাৰে কৃষি আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
কৃষি আইনৰ বিৰুদ্ধে ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ
কৰ'ণা মহামাৰীৰ মাজতে কেন্দ্ৰীয় চৰকাৰে কৃষকক শোষণ আৰু বঞ্চনা কৰি পুঁজিপতিক লাভান্বিত কৰিবলৈ কৃষি আইন বলৱৎ কৰা বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে। দেহত শেষ বিন্দু তেজ থকা পৰ্যন্ত কৃষকৰ হকে মাত মাতি যাব বুলি কয় প্ৰতিবাদকাৰীসকলে।
লগতে পঢ়ক :বিশ্ব মানসিক স্বাস্থ্য দিৱসত কি ক'লে দালাই লামাই ?