বাইহাটা,২৫ মাৰ্চ:কমলপুৰ সমষ্টিত অব্যাহত আছে কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যৰ নিৰ্বাচনী প্ৰচাৰ । বুধবাৰে সমষ্টিৰ অন্তৰ্গত মধুকুছি চ’কত এক দলীয় কাৰ্যালয় মুকলি কৰে প্ৰাৰ্থীগৰাকীয়ে । কাৰ্যালয় মুকলিৰ পিছতে সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।
সংবাদমেলত সমষ্টিটোৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰি প্ৰাৰ্থীগৰাকীয়ে কয় যে কমলপুৰ সমষ্টিৰ প্ৰধান সমস্যা হৈছে যোগাযোগ ব্যৱস্থা । কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে সমষ্টিটোৰ ৰাইজৰ বাবে উন্নত যোগাযোগ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে কিশোৰ ভট্টাচাৰ্যই ।