অসম

assam

ETV Bharat / state

বকোৰ লাম্পিত অব্যাহত সীমান্তৱৰ্তী লোকৰ সংঘাত

আজিও অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল লাম্পিত অব্যাহত আছে অসম আৰু মেঘালয়ৰ বাসিন্দা সকলৰ মাজৰ সংঘাত ৷ ১৯৬৯ চনতে লাম্পি গাঁৱৰ তদানীন্তন গাঁওবুঢ়াই এই সমস্যা সমাধানৰ বাবে কামৰূপ জিলা উপায়ুক্তলৈ অভিযোগনামা প্ৰেৰণ কৰিছিল যদিও,আজি পৰ্যন্ত সীমান্তবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান নহ'ল ৷

By

Published : Aug 14, 2020, 6:50 PM IST

সীমান্তৱৰ্তী লোকৰ সংঘাত
সীমান্তৱৰ্তী লোকৰ সংঘাত

বকো, 14 আগষ্ট:অসমৰ ভূমিতে উপেক্ষিত অসমীয়া ৷ এইয়া আজিৰ কথা নহয় ৷ অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ অসম ভূমিৰ বাসিন্দাসকল নিজৰ মাটিতে বিদেশীৰ দৰে হৈছে ৷ অসম মেঘালয় সীমান্তৱৰ্তী লাম্পিত বিভিন্ন সময়ত চলি থকা অসম আৰু মেঘালয়ৰ বাসিন্দা সকলৰ মাজত সংঘাত অব্যাহত আছে ৷ স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, ১৯৬৯ চনতে লাম্পি গাঁৱৰ তদানীন্তন গাঁওবুঢ়াই সেই অঞ্চলত চলি থকা সীমান্তৱৰ্তী বিবাদৰ সমাধান বিচাৰি কামৰূপ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছিল এখন অভিযোগনামা ৷ কিন্তু ৫০ বছৰ উকলি যোৱাৰ পাচতো চৰকাৰ বিফল সীমান্তৰ সেই সমস্যা সমাধানত ৷

বকোৰ লাম্পিত অব্যাহত সীমান্তৱৰ্তী লোকৰ সংঘাত

ব্যতিক্ৰম নহ'ল বৃহস্পতিবাৰৰ দিনটোও ৷ লাম্পিৰ লগতে নিকটৱৰ্তী মাকৈবাৰী, সুন্দৰপুৰ গাঁৱৰ ৰাইজে মাকৈবাৰী-সুন্দৰপুৰ পথটো মেৰামতি কৰি আছিল ৷ তেনে সময়তে মেঘালয় আৰক্ষীৰ এটা বৃহৎ দল সেই স্থানত উপস্থিত হৈ কাম কৰি থকা লোকসকলক মেঘালয়ৰ মাটিত কাম কৰিছে বুলি ভাবুকি দিয়ে৷ ৰাইজে ওলোটাই মেঘালয় আৰক্ষীক প্ৰত্যুত্তৰ দিয়াত লাম্পিৰ স্থানীয় সম্ভু ছেত্ৰী আৰু হৰি থাপা নামৰ যুৱক দুগৰাকীক গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ লগতে, মেঘালয় আৰক্ষীয়ে যুৱকদ্বয়ৰ লগতে কাম কৰি থকা আন তিনিগৰাকী লোকক আটক কৰি লৈ যায় ৷

মেঘালয় আৰক্ষীয়ে আটক কৰি নিয়া ৫ গৰাকী লোক

এই বিষয়ে লাম্পিৰ ৰাইজ অৱগত হোৱাৰ পাচতে অঞ্চলজুৰি সৃষ্টি হয় হুৱাদুৱাৰ ৷ ঘটনাৰ কিছু সময়ৰ পাচতে লাম্পিৰ ৰাইজে যুৱক কেইজনক এৰি দিয়াৰ দাবীৰে লাম্পীৰ পহৰা চকী ঘেৰাও কৰে ৷ নিশা প্ৰায় ৮ বজাত মেঘালয় আৰক্ষীয়ে আটক কৰি নিয়া ৫ গৰাকী ব্যক্তিক মুকলি কৰি দিয়ে আধা বাটতে ৷ মেঘালয় আৰক্ষীৰ দীৰ্ঘদিনীয়া এনে নিৰ্যাতনত সম্প্ৰতি অতিষ্ঠ হৈ পৰিছে সীমন্তবাসী ৷ অসম চৰকাৰৰ হেমাহিৰ বাবে আজিও অসম ভূমিত অসমৰ লোকে এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ৷

১৯৬৯ চনতে লাম্পি গাঁৱৰ তদানীন্তন গাঁওবুঢ়াই কামৰূপ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা অভিযোগনামা

লগতে পঢ়ক:অসমৰ ভূমি বেদখলৰ চেষ্টা মেঘালয় প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details