ৰঙিয়া, 3 আগষ্ট :কংগ্ৰেছ দল এতিয়া দিশহাৰা ৷ তেওঁলোকৰ নেতাৰ মাজত কাজিয়া, উপ-দলীয় সংঘাত আৰু পৰিয়াল কেন্দ্ৰিক ৰাজনীতিয়ে এতিয়া দলটোক আকাশৰ পশ্চিমলৈ লৈ গৈছে ৷ মঙলবাৰে ৰঙিয়াত উপস্থিত হৈ এই মন্তব্য কৰে বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (BJP Assam state president Bhabesh Kolita)ই । অসম প্ৰদেশ কংগ্ৰেছ দলৰ নৱ-নিযুক্ত সভাপতি ভূপেন বৰা (Assam Pradesh state president Bhupen Borah)ই শেহতীয়াকৈ অগপ আৰু ইউ পি পি এলক বিজেপিয়ে নিঃশেষ কৰিব বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এই মন্তব্য কৰে ।
বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে অন্য দলক নিঃশেষ কৰাৰ বাবে ভূপেন বৰাৰ কিবা এজেণ্ডা আছে নেকি বুলি ওলোটাই প্ৰশ্ন উত্থাপন কৰে । তেওঁ বিজেপি দলৰ আন ধৰণৰ কোনো এজেণ্ডা নাই বুলি উল্লেখ কৰি বিজেপি দলৰ লক্ষ্য অসমৰ তিনি কোটি ত্ৰিশ লাখ লোকৰ উন্নতি সাধন কৰাহে বুলি মন্তব্য কৰে । তেওঁ লগতে কংগ্ৰেছ দলৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবেই ভাৰতৰ জনগণ অতিষ্ঠ হৈ বিজেপি দলক আঁকোৱালি লৈছে বুলি উল্লেখ কৰে ।