বিহপুৰীয়া, ১৮ আগষ্ট: কংগ্ৰেছ দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্যে আৰু ৰাজ্যৰ সকলো প্ৰান্ততে দলৰ বৰ্তমানৰ জনপ্ৰিয়তা কিমান আৰু ৰাইজৰ কাষ চাপিবলৈ দলটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে কেনেদৰে কাম কৰিছে সেই বিষয়ে বুজ লোৱাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা এলানি ভ্ৰমণসূচীৰ আৰম্ভ কৰিছে । বুধবাৰে বিহপুৰীয়াৰ পৰা তেওঁ এই ভ্ৰমণৰ শুভাৰম্ভণি কৰে । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ পিছত বুধবাৰে প্ৰথমবাৰৰ বাবে গৃহ সমষ্টি বিহপুৰীয়াত উপস্থিত হয় ভূপেন কুমাৰ বৰা । মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী আৰু উজিৰৰ টোলত উপস্থিত হৈ সেৱা জনায় বৰাই ।
মাধৱদেৱৰ জন্মস্থানৰ পৰা ৰাজ্যজুৰি ভ্ৰমণ কাৰ্যসূচী আৰম্ভ কৰাৰ কথা তেওঁ ঘোষণা কৰে । বুধবাৰে তেওঁ বিহপুৰীয়া আৰু নাৰায়ণপুৰ ব্লক কংগ্ৰেছ কমিটীৰ দলীয় কৰ্মীসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানতো তেওঁ অংশ লয় । দলীয় কৰ্মীসকলে নৱনিযুক্ত সভাপতিগৰাকীক সম্বৰ্ধনা জনায় । কংগ্ৰেছে দলে শেহতীয়াকৈ সন্মুখীন হোৱা জটিল পৰিস্থিতি সন্দৰ্ভত তেওঁ কয় যে, দলে পূৰ্বে ইয়াতকৈও অধিক জটিল পৰিস্থিতিৰে মোকাবিলা কৰি ৰাইজৰ সমৰ্থন লাভ কৰিছিল ।