অসম

assam

ETV Bharat / state

ভৰলু এতিয়া এলাগী

মহানগৰীৰ জনজীৱনৰ বাবে প্ৰয়োজনীয় নদীখন এতিয়া হৈ পৰিছে সকলোৰে এলাগী কাৰণ এতিয়া ভৰলু নৈৰ পানী ব্যৱহাৰ কৰাৰ বিপৰীতে পৰিণত হৈছে মহানগৰীৰ জাৱৰ জোথৰ পেলোৱা নলা হিচাপেহে ৷নদী খনৰ বৰ্তমানৰ অৱস্থাই এতিয়া কাল হৈছে নদী কাষৰীয়া স্থানীয় লোকৰ লগতে এখন চৰকাৰী বিদ্যালয়ৰ বাবে।

By

Published : Jun 7, 2019, 11:01 PM IST

Bharalu

গুৱাহাটী ,7 জুন : এসময়ৰ মহানগৰীৰ জনজীৱনৰ বাবে প্ৰয়োজনীয় নদীখন এতিয়া হৈ পৰিছে সকলোৰে এলাগী , কাৰণ এতিয়া ভৰলু নৈৰ পানী ব্যৱহাৰ কৰাৰ বিপৰীতে পৰিণত হৈছে মহানগৰীৰ জাৱৰ জোথৰ পেলোৱা নলা হিচাপেহে ৷

ভৰলু এতিয়া এলাগী !

নৈ খনৰ ওচৰৰে পাৰ হৈ যোৱা মানুহে এতিয়া গোন্ধত নাক কোঁচাই যাব লগীয়া হয় । মন কৰিবলগীয়া কথা এই যে এই মৃত নদী খনৰ কাষতেই আছে এখন চৰকাৰী বিদ্যালয় ।বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে বিদ্যালয়ৰ দৰ্জা খিৰিকী মাৰি পাঠদান দিয়া হয় ছাত্ৰ ছাত্ৰীক।প্ৰধান শিক্ষক গৰাকীয়ে বহুবাৰ কৰ্তৃপক্ষক অৱগত কৰাৰ পাচতো বৰ্তমানেও চৰকাৰ তথা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। স্থানীয় লোক তথা পথচাৰী সকলোৱে ভৰলু নৈ পুনৰ জী উঠাটো বিচাৰে কাৰণ নদী খনৰ বৰ্তমানৰ অৱস্থাই অস্বস্তিত পেলাইছে সকলোকে ।

ABOUT THE AUTHOR

...view details