অসম

assam

By

Published : Jun 1, 2019, 12:49 PM IST

Updated : Jun 1, 2019, 2:26 PM IST

ETV Bharat / state

বাইহাটা চাৰিআলিত এইয়া কি? পথ নে পথাৰ...

বাইহাটা চৰিআলিৰ এটা জৰাজীৰ্ণ পথে যমৰ যান্ত্ৰণা ভোগাইছে ৰাইজক ।

পুখুৰী সদৃশ পথেৰে যাতায়ত বাইহাটা চাৰিআলিৰ ৰাইজৰ

বাইহাটা চৰিআলি,1 জুন: গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ ২০ কি:মি: নিলগত থকা মুক্তাপুৰ চেপ্তী সংযোগী তেতেলীয়া গ্ৰাম্য পথে দীৰ্ঘদিন ধৰি জীয়াতু ভোগাইছে অঞ্চলটোৰ ৰাইজক ৷ এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰে এই পথটো ৷ অঞ্চলটোৰ প্ৰায় 15 খন গাৱঁৰ মানুহ অহা যোৱা কৰা এই পথটোৰ দুৰৱস্থাৰ বাবে অতিৰিক্তভাৱে বহু দূৰ ঘূৰি যাবলগীয়া হয় ৰাষ্ট্ৰীয় ঘাই পথলৈ। পথটোৰ দুৰৱস্থাৰ ফলত ৰোগীক ঠেলাৰে চিকিৎসালয়লৈ নিব লাগে বুলি অভিযোগ স্থানীয় ৰাইজৰ। বিপদ সংকুলভাৱে বিদ্যালয়লৈ যাবলগীয়া হয় কণ কণ ছাত্ৰ ছাত্ৰীসকল। অঞ্চলটোৰ জনপ্ৰতিধিৰ ওচৰত অঞ্চলবাসীয়ে বাৰম্বাৰ আবেদন কৰাৰ পিচতো গুৰুত্ব নিদিয়াত হাতে হাতে কোৰ লৈ ওলাই আহিল অঞ্চলটোৰ ৰাইজ। বিধায়ক সত্যব্ৰত কলিতাক পথটো পুনৰ নিৰ্মাণৰ বাবে বাৰম্বাৰ অনুৰোধ জনাইছে ভুক্তভুগী ৰাইজে ৷

পুখুৰী সদৃশ পথেৰে যাতায়ত বাইহাটা চাৰিআলিৰ ৰাইজৰ
Last Updated : Jun 1, 2019, 2:26 PM IST

ABOUT THE AUTHOR

...view details