অসম

assam

By

Published : Dec 14, 2020, 5:01 PM IST

ETV Bharat / state

বাইহাটাত ফটা বাঁহ জোৰা লাগিল নাগাৰা নাম সংঘৰ

সদৌ শেষত কামৰূপ জিলা নাগাৰা নাম সংঘৰ সম্পাদক চণ্ডী পাটোৱাৰী আৰু পুঠিমাৰী বাৰোৱাৰী দূৰ্গা পূজাৰ সম্পাদক কমলা কলিতাৰ প্ৰচেষ্টাত দুয়োটা ফৈদ মিলিত হয় । পূৰ্বৰ ফৈদ দুয়োটাই পদত্যাগ কৰি এখন নতুন সমিতি গঠন কৰে ।

Baihata Naagara Naam Sangha Rejoined
Baihata Naagara Naam Sangha Rejoined

বাইহাটা চাৰিআলি, ১৪ ডিচেম্বৰ : সুদীৰ্ঘ তিনি বছৰৰ অন্তত মিলিত হ'ল সদৌ অসম নাগাৰা নাম সংঘ । তিনি বছৰ পূৰ্বে নাগাৰা নাম সংঘ বুজাবুজিৰ অভাবৰ বাবে দ্বি খণ্ডিত হৈ আছিল । বুজা বুজি বা ক্ষমতাৰ লোভৰ বাবে ধৰ্মীয় সংস্থাটি দ্বি বিভক্ত হৈ আছিল । এটা ফৈদত সভাপতি হিচাপে আছিল সৰ্বেশ্বৰ কলিতা আৰু আনটো ফৈদৰ সভাপতি আছিল ৰামচৰণ ভৰালী । সুদীৰ্ঘ তিনি বছৰে দুয়োটা ফৈদে চলাই আছিল সদৌ অসম নাগাৰা নাম সংঘ । কিন্তু নাগাৰা নাম সংঘ দ্বি খণ্ডিত হোৱাত অসন্তুষ্ট হৈ আছিল বহু সংস্যক নাগাৰা নামৰ পাঠক তথা শিল্পী ।

সদৌ শেষত কামৰূপ জিলা নাগাৰা নাম সংঘৰ সম্পাদক চণ্ডী পাটোৱাৰী আৰু পুঠিমাৰী বাৰোৱাৰী দূৰ্গা পূজাৰ সম্পাদক কমলা কলিতাৰ প্ৰচেষ্টাত দুয়োটা ফৈদ মিলিত হয় । পূৰ্বৰ ফৈদ দুয়োটাই পদত্যাগ কৰি এখন নতুন সমিতি গঠন কৰে । য'ত সভাপতি হিচাপে থাকে দৰং জিলাৰ বিখ্যাত পাঠক বলো বৈশ্য আৰু সম্পাদক হিচাপে থাকে নিপন দত্ত কলিতা । দুয়োটা ফৈদ একত্ৰিত হোৱাত সুখী মধ্যস্থতাকাৰীৰ লগতে নাগাৰা নামৰ পাঠক বৃন্দ ।

লগতে পঢ়ক :পদে পদে মৃত্যুৰ ক্ষণ গণিছে এজনী মাইকী হাতীয়ে

ABOUT THE AUTHOR

...view details