অসম

assam

ETV Bharat / state

শুৱালকুছিত আৰম্ভ সাহিত্যৰ মহা উৎসৱ

বস্ত্ৰনগৰী শুৱালকুছিত আৰম্ভ হ’ল অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশন ৷ সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে মামণি ৰয়ছম গোস্বামী সোঁৱৰণি গ্ৰন্থ উৎসৱৰ মূল দ্বাৰ উদঘাটন কৰে ৷

By

Published : Feb 1, 2020, 3:25 AM IST

Assam Sahitya Sabha Suwalkuchi convention starts
শুৱালকুছিত আৰম্ভ সাহিত্যৰ মহা উৎসৱ

শুৱালকুছি, 31 জানুৱাৰীঃ বস্ত্ৰনগৰী শুৱালকুছিত আৰম্ভ হ’ল সাহিত্যৰ মহা উৎসৱ ৷ শুকুৰবাৰে অৰ্থাৎ 31 জানুৱাৰীত অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনৰ গ্ৰন্থ উৎসৱৰ মূল দ্বাৰ উদঘাটন কৰা হয় ৷ অধিৱেশনৰ মূল কাৰ্যসূচীৰ এদিন পূৰ্বে অৰ্থাৎ শুকুৰবাৰে দুপৰীয়া সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে মামণি ৰয়ছম গোস্বামী সোঁৱৰণি গ্ৰন্থ উৎসৱৰ মূল দ্বাৰ উদঘাটন কৰি কয় গ্ৰন্থ অবিহনে কোনো জাতি জীয়াই থাকিব নোৱাৰে ৷ শনিবাৰ অৰ্থাৎ 1 ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব ৷ আনহাতে পৰমানন্দ ৰাজবংশীয়ে তেওঁ উপদেষ্টা হোৱাৰ বিষয়ে কোনোধৰণৰ কথাই নাকচ কৰে ৷ তেওঁ কয় যে উপদেষ্টা পদৰ মই বিৰোধিতা কৰো ৷ এই পদৰ যদি মোক প্ৰস্তাৱ দিয়ে তেন্তে মই সেই প্ৰস্তাৱ নাকচ কৰিম ৷

শুৱালকুছিত আৰম্ভ সাহিত্যৰ মহা উৎসৱ

আনহাতে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাই বৰৱাৰ মূল তোৰণৰ দ্বাৰ মুকলি কৰে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ হিতেশ ডেকাই । ইয়োৰোপৰি ইতিমধ্যে বস্ত্ৰনগৰী শুৱালকুছিৰ জ্যোতিক্ষেত্ৰত অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে সকলো সাজু । বহি:ৰাজ্যৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাৰ পৰা আহিছে শাখা সাহিত্যৰ প্ৰতিনিধিসকল । প্ৰতিনিধিসকলক একোটাকৈ কিট দিয়া হৈছে । কিটত আছে-চাবোন, গামোছা, ডায়েৰী, কলগেট, ফণী, ৰেজৰ, চেভিঙ ক্ৰীম, এটি বেগ, স্মাৰক আদি । এই শিৱিৰ মুকলি কৰে কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্তই । প্ৰায় চাৰি হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণৰ আশা কৰিছে প্ৰতিনিধি পঞ্জীয়ন উপ-সমিতিয়ে ।

আৰু পঢ়কঃবাৰেৰহণীয়া কাৰ্যসূচীৰে ৰাজ্যজুৰি পালন মে ডাম মে ফী

ABOUT THE AUTHOR

...view details