অসম

assam

ETV Bharat / state

আমিনগাঁৱৰ ডিপোত পেট্ৰ’লৰ সলনি ওলাল পানী

আমিনগাঁও লাচিতপুৰৰ HP "মেচাৰ্চ ব্ৰহ্মপুত্ৰ ফিউলিং চেণ্টাৰ" নামৰ এটা পেট্ৰ’ল পাম্পত বিসংগতি ৷ পেট্ৰ’লৰ সলনি গ্ৰাহকক দিয়া হ’ল ঘোলা পানী আৰু বিভিন্ন দ্ৰব্য মিশ্ৰিত জুলীয়া পদাৰ্থ ৷ যাৰ ফলত বিকল হৈ পৰিছে বহুবাহন ৷ অস্বস্তিত পৰিছে সাধাৰণ জনতা ৷

By

Published : Jun 19, 2021, 4:47 PM IST

Updated : Jun 19, 2021, 6:22 PM IST

পেট্ৰ’লৰ সলনি লাচিতপুৰৰ এটা পেট্ৰ’ল পাম্পত ওলাল পানী
আমিনগাঁৱৰ ডিপোত পেট্ৰ’লৰ সলনি ওলাল পানী

বাইহাটা, 19 জুন : সান্ধ্য আইনৰ মাজতে জৰুৰীকালীন সেৱাত নিয়োজিত বহুলোকৰ মাজত শুকুৰবাৰে নিশা ৰাজপথত হাহাকাৰ অৱস্থা । ৰাজপথ আৰু গেৰেজত ভিৰ কৰিছে বহু গাড়ীয়ে ৷ ৰাজপথ আৰু গেৰেজত গাড়ীৰ ভীৰ হোৱাৰ মূল কাৰণ এটাই এটা বিশেষ পেট্ৰ’ল পাম্প ৷ অভিযোগ অনুসৰি, আজ্ঞাঠুৰীস্থিত গণেশ মন্দিৰৰ সমীপৰ আমিনগাঁও লাচিতপুৰৰ HP "মেচাৰ্চ ব্ৰহ্মপুত্ৰ ফিউলিং চেণ্টাৰ" নামৰ এটা পেট্ৰ’ল পাম্পত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড ৷

অভিযোগ অনুসৰি, লাচিতপুৰৰ HP "মেচাৰ্চ ব্ৰহ্মপুত্ৰ ফিউলিং চেণ্টাৰ" নামৰ পেট্ৰ’ল পাম্পত গ্ৰাহকক পেট্ৰ’লৰ সলনি ঘোলা পানী আৰু বিভিন্ন দ্ৰব্য মিশ্ৰিত জুলীয়া পদাৰ্থ গ্ৰাহকক প্ৰদান কৰিছে ৷ যাৰ ফলত পাম্পটোত ইন্ধন ভৰোৱা বাহনবোৰ বিকল হৈ পৰিছে ৷ কেৱল সাধাৰণ ৰাইজে নহয়, চিকিৎসাৰ বাবে অহা ৰোগীও পৰিছে বিপদত ৷ এখন-দুখন নহয়, একে স্থানৰ পৰা ইন্ধন ভৰোৱা প্ৰায় 10 খন গাড়ী হৈছে বিকল ৷

আমিনগাঁৱৰ ডিপোত পেট্ৰ’লৰ সলনি ওলাল পানী

শুকুৰবাৰে নিশা ডিপোটোৰ বিসংগতিৰ বাবে গাড়ী বিকল হোৱাত অস্বস্তিত পৰে সাধাৰণ ৰাইজ ৷ বিকল হোৱা গাড়ীৰ চালকসকলে নিশা লাচিতপুৰৰ HP "মেচাৰ্চ ব্ৰহ্মপুত্ৰ ফিউলিং চেণ্টাৰ" ডিপোলৈ গৈ এই বিসংগতিৰ সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছিল ৷ কিন্তু এই অভিযোগ গ্ৰাহকৰ সন্মুখত নসাৎ কৰিছে পেট্ৰ’ল পাম্পটোৰ গৰাকীয়ে ৷ এজন গ্ৰাহকে সাংবাদিকৰ আগত মন্তব্য কৰা অনুসৰি, ‘আমিনগাঁও লাচিতপুৰ-আজ্ঞাঠুৰী গণেশ মন্দিৰৰ সমীপত থকা "মেচাৰ্চ ব্ৰহ্মপুত্ৰ ফিউলিং চেন্টাৰ" নামৰ তেল ডিপোটোত তেল ভৰাইছিল শুকুৰবাৰে নিশা ৷

কিন্তু কিছু দূৰ যোৱাৰ পাছতে বিকল হৈ পৰে বাহনখন ৷ হঠাৎ বাহন বিকল হোৱাত কিছু সমস্যাৰ সন্মুখীন হ’বলগাত পৰে ব্যক্তিগৰাকী ৷ পৰৱৰ্তী সময়ত গেৰেজলৈ অনাত ধৰা পৰে বাহনখন বিকল হোৱাৰ মূল কাৰণ’ ৷

উল্লেখ্য যে, লাচিতপুৰৰ এই পেট্ৰ’ল পাম্পটোত তেল ভৰোৱা বাহনসমূহৰ টেংকীৰ পৰা ওলাইছে লিটাৰে লিটাৰে ঘোলা পানী ৷ পেট্ৰ’ল পাম্পটোৰ টোঘলকী কাণ্ডত হাৰাশাস্তি ভোগ কৰিবলগাত পৰিছে সাধাৰণ ৰাইজ ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে গ্ৰাহকসকল ৷ এনে পেট্ৰ’ল পাম্পৰ বিৰুদ্ধে প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী গ্ৰাহকসকলে ৷

লগতে পঢ়ক:চিৰাঙত মাইক্ৰ’ফাইনেঞ্চৰ এজেণ্টক পহু খেদা

Last Updated : Jun 19, 2021, 6:22 PM IST

ABOUT THE AUTHOR

...view details