অসম

assam

ETV Bharat / state

আলাবৈ ৰণৰ স্মৃতিসৌধত দহ হাজাৰ শ্বহীদক স্মৰণ অসম চৰকাৰৰ

আমিনগাঁৱত আলাবৈ ৰণ স্মৃতি দিৱস উদযাপন ৷ এই স্মৃতি দিৱসত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা আৰু মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী । আলাবৈ ৰণৰ স্মৃতিসৌধত মাল্যাৰ্পনেৰে 10 হাজাৰ বীৰ শ্বহীদক স্মৰণ অসম চৰকাৰৰ ।

amingaon-minister-bimal-borah-and-chandra-mohan-patowary-attend-alaboi-rana-smiti-divas-etv-bharat-assam
শ্বহীদক স্মৰন অসম চৰকাৰৰ

By

Published : Aug 5, 2021, 8:30 PM IST

আমিনগাঁও, 5 আগষ্ট :আমিনগাঁৱত আলাবৈ ৰণ স্মৃতি দিৱস উদযাপন ৷ মন্ত্ৰী বিমল বড়া আৰু মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী উপস্থিত থাকে এই অনুষ্ঠানত । অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলা প্ৰশাসন আৰু শৰাইঘাট জাৰ্নেলিষ্ট ফ'ৰামৰ সহযোগ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান । আলাবৈ ৰণৰ স্মৃতিসৌধত মাল্যাৰ্পনেৰে 10 হাজাৰ বীৰ শ্বহীদক স্মৰণ অসম চৰকাৰৰ । আলাবৈ পাহাৰত অসম চৰকাৰে 40 বিঘা ভূমিত স্থাপন কৰিব আলাবৈ ৰণৰ যুদ্ধ স্মাৰক ।

উল্লেখ্য যে, 1669 খৃষ্টাব্দৰ 5 আগষ্টত অসম মাতৃক ৰক্ষাৰ বাবে 10 হাজাৰ বীৰ জোৱানে প্ৰাণ আহুতি দিছিল কামৰূপৰ আলাবৈ পথাৰত । অসম মাতৃক মোগল সেনাৰ পৰা ৰক্ষা কৰিবলৈ এদিনৰ যুঁজত 10 হাজাৰ সৈনিকে তেজেৰে সিক্ত কৰিছিল আই অসমীৰ বুকু । দেশ মাতৃক ৰক্ষাৰ বাবে এদিনৰ যুঁজত 10 হাজাৰ সৈনিকে প্ৰাণ বিসৰ্জন দিয়া ঘটনা বিশ্ব ইতিহাসতে বিৰল হিচাপে বিবেচিত হৈ আহিছে । দেশ প্ৰেম আৰু ত্যাগৰ বিৰল নিদৰ্শন আলাবৈ ৰণৰ শোক গাঁথা আছিল ৷

আলাবৈ ৰণ শৰাইঘাটৰ ৰণত আহোমৰ বিজয়ৰ অন্যতম কাৰক আছিল বুলি ইতিহাস বিদ সকলে উনুকিয়াই গৈছে । নৱ প্ৰজন্মক দেশ প্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ কৰিবলৈ আৰু আলাবৈ ৰণত অসমীয়া বীৰ জোৱানৰ শোকগাঁথা দাঙি ধৰাৰ প্ৰয়াসেৰে শৰাইঘাট জাৰ্নেলিষ্ট ফ’ৰামে 2005 বৰ্ষৰ পৰা 5 আগষ্টৰ দিনটো আলাবৈ ৰণৰ স্মৃতি দিৱস হিচাপে পালন কৰি আহিছে ।

আলাবৈ ৰণ স্মৃতি সৌধত 10 হাজাৰ শ্বহীদক স্মৰন অসম চৰকাৰৰ

বিগত বৰ্ষৰ পৰা অসম চৰকাৰে আলাবৈ ৰণৰ স্মৃতি দিৱসটো কেন্দ্ৰীয়ভাৱে পালন কৰিবলৈ আৰম্ভ কৰিছে । শৰাইঘাট জাৰ্নেলিষ্ট ফ’ৰামৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনায় অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগে অনুষ্ঠিত কৰা আলাবৈ দিৱস এইবাৰ আমিনগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত ৰাজ্যিকভাৱে অনুষ্ঠিত কৰা হয় ।

অনুষ্ঠানত অসমৰ জাতীয় সংগীত পৰিৱেশন কৰাৰ পাছতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব মাধুৰিমা বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে ৷ সভাত শৰাইঘাট জাৰ্নেলিষ্ট ফ’ৰামৰ সম্পাদক মধুসূদন মেধিয়ে আলাবৈ ৰণ সন্দৰ্ভত আলোকপাত কৰে । অনুষ্ঠাত মুখ্য অতিথি হিচাপে উপস্থিত থকা সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা আৰু কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷

উক্ত সভাত বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ ড৹ দয়ানন্দ পাঠকে । এই অনুষ্ঠানতেই আলাবৈ শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় । অনুষ্ঠানটোত অসম আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তই আলবৈ ৰণৰ বিষয় বস্তু ৰাষ্ট্ৰীয় স্তৰৰ গৱেষণাৰ সমল হ’ব পাৰে বুলি উল্লেখ কৰে ।

মন্ত্ৰী বিমল বড়া আৰু মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে আলাবৈ ৰণৰ স্মৃতি দিৱস উদযাপনৰ শৰাইঘাট জাৰ্নেলিষ্ট ফ'ৰামৰ এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে । আনহাতে দদৰাৰ আলাবৈ পাহাৰত অসম চৰকাৰে 40 বিঘা ভূমিত আলাবৈ ৰণৰ যুদ্ধ স্মাৰক স্থাপন কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীদ্বয়ে ।

লগতে পঢ়ক:শান্তিৰ বাৰ্তা লৈ চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামত

ABOUT THE AUTHOR

...view details