অসম

assam

ETV Bharat / state

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ অৰবিন্দ সিঙৰ গুৱাহাটী ভ্ৰমণ

লীলাবাৰী বিমানবন্দৰত পাইলট প্ৰশিক্ষণ কেন্দ্ৰ খোলাৰ কাৰণে চৰকাৰৰ ভূমি আৱণ্টন বিছাৰিছে Airport Authority Of Indiaই ৷ যদিহে চৰকাৰে সহযোগ কৰে তেন্তে অতিশীঘ্ৰে লীলাবাৰীত স্থাপন হ'ব পাইলট প্ৰশিক্ষণ কেন্দ্ৰ ।

By

Published : Feb 27, 2020, 4:08 PM IST

অৰবিন্দ সিঙৰ গুৱাহাটী ভ্ৰমণ
অৰবিন্দ সিঙৰ গুৱাহাটী ভ্ৰমণ

কামৰূপ, 27 ফেব্ৰুৱাৰীঃদুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ নৱ নিযুক্ত অধ্যক্ষ অৰবিন্দ সিং ৷ প্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত হোৱাৰ পাছত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ উন্নয়ন সম্পৰ্কীয় এক পর্যালোচনা বৈঠকত ভাগ লয় অধ্যক্ষ অৰবিন্দ সিঙে ।

অৰবিন্দ সিঙৰ গুৱাহাটী ভ্ৰমণ

এই বৈঠকত উপস্থিত থাকে প্ৰাধিকৰণৰ উত্তৰ-পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালকে ধৰি বিমান সেৱাৰ লগত জড়িত ব্যক্তিসকল । ইফালে অধ্যক্ষ অৰবিন্দ সিঙে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিমান বন্দৰ সমূহৰ উন্নয়ন ভূমি অধিগ্রহণ সন্দৰ্ভত দিছপুৰত অসম চৰকাৰৰ মূখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ সৈতে এক উচ্চ পর্যায়ৰ বৈঠকত মিলিত হয় ।

লগতে পঢ়কঃবাঁহৰ চালিত জীৱনৰ আদিপাঠ

লগতে ৰূপসী বিমানবন্দৰৰ DGCA লাইচেঞ্চ কাৰ্যকৰী হোৱাৰ পিছতে প্ৰায় ৩ মাহৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব ৰূপসী বিমানবন্দৰ । আনহাতে লীলাবাৰী বিমানবন্দৰত পাইলট প্ৰশিক্ষণ কেন্দ্ৰ খোলাৰ কাৰণে চৰকাৰৰ ভূমি আৱণ্টন বিছাৰিছে Airport Authority Of Indiaই ৷ যদিহে চৰকাৰে সহযোগ কৰে তেন্তে অতিশীঘ্ৰে লীলাবাৰীত স্থাপন হ'ব পাইলত প্ৰশিক্ষণ কেন্দ্ৰ ।

ABOUT THE AUTHOR

...view details