অসম

assam

ETV Bharat / state

কামৰূপত এহাজাৰ লোকৰ বাবে কোৱাৰেন্টাইনৰ ব্যৱস্থা এগৰাকী ব্যৱসায়ীৰ

ইয়াৰ উপৰিও প্ৰশাসনৰ প্ৰয়োজন সাপেক্ষে কোভিড-19 হাস্পতাল নিৰ্মাণৰ বাবে দহ বিঘা ভূমি চৰকাৰলৈ প্ৰদান কৰিব বুলি জনালে ব্যৱসায়ীজনে ৷

By

Published : May 27, 2020, 3:46 PM IST

A businessman provide a quarantine centre at Kamrup
এহেজাৰ লোকৰ বাবে কোৱাৰান্টাইনৰ ব্যৱস্থা ব্যৱসায়ীৰ

গুৱাহাটী,27 মে': সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ সমান্তৰালকৈ বহিঃৰাজ্যৰ পৰা অহা লোকে অসমৰ প্ৰায়সমূহ কোৱাৰেন্টাইন কেন্দ্ৰ ভৰ্তি হৈ পৰাত এতিয়া সমস্যাত পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লগতে বহু কেইখন জিলাৰ প্ৰশাসন ৷ এই সংকটৰ সময়তে কামৰূপ জিলা প্ৰশাসনক সকাহ দিবলৈ আগবাঢ়ি আহিছে বাইহাটা চাৰিআলিৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী ৷ কামৰূপৰ এহাজাৰ লোকক কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰি দিছে এইগৰাকী ব্যৱসায়ী কনক ডেকাই ৷ ব্যৱসায়ী ডেকাই কমলপুৰ সমষ্টিৰ ভাহকাজানত থকা পাঁচ হাজাৰ বৰ্গ ফুটৰ এটি ব্যৱসায়ীক প্ৰতিষ্ঠান কোৱাৰেন্টাইন কেন্দ্ৰ গঢ়ি তোলাৰ বাবে কামৰূপ জিলা প্ৰশাসনক প্ৰদান কৰিছে ৷ উক্ত প্ৰতিষ্ঠানটোত জিলা প্ৰশাসনে ইতিমধ্যে বিচনা পত্ৰ আৰু শৌচালয়ৰ ব্যৱস্থা গঢ়ি তুলিছে ৷

কামৰূপত এহেজাৰ লোকৰ বাবে কোৱাৰান্টাইনৰ ব্যৱস্থা এগৰাকী ব্যৱসায়ীৰ

ইয়াৰ উপৰিও প্ৰশাসনৰ প্ৰয়োজন সাপেক্ষে কোভিড-19 হাস্পতাল নিৰ্মাণৰ বাবে দহ বিঘা ভূমি চৰকাৰলৈ প্ৰদান কৰিব বুলি জনালে ব্যৱসায়ীজনে ৷ ইয়াৰ পূৰ্বেও অসম আৰোগ্য নিধিলৈ পাঁচ লাখ টকা প্ৰদান কৰিছিল ব্যৱসায়ী গৰাকীয়ে ৷ ব্যৱসায়ী জনৰ উদাৰতাক এতিয়া শলাগ লৈছে সকলোৱে ৷

লগতে পঢ়কঃপ্ৰস্তাৱিত সংশোধিত শ্ৰমিক আইন বাতিলৰ দাবীত ডুমডুমাত আছাৰ প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details