অসম

assam

অৰুণাচলৰ জিৰ'ত যোগাসন কৰি যোগ দিৱসৰ কাউন্ট-ডাউন কৰিলে সৰ্বানন্দ সোণোৱালে

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ মাত্ৰ কেইটামান দিন বাকী(International Yoga Day to be held on June 21) । ইয়াৰ মাজতে প্ৰাকৃতিক সৌন্দৰ্যৰে বিনন্দীয়া অৰুণাচলৰ জিৰ'ত বৃহস্পতিবাৰে সমজুৱা ভাৱে যোগচৰ্চা কৰি অহা ২১ জুনত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাউন্ট-ডাউন আৰম্ভ কৰিলে আয়ুস মন্ত্ৰালয়ৰ দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union minister Sarbananda Sonowal participates in yoga programme in Arunachal) ।

By

Published : Jun 9, 2022, 8:48 PM IST

Published : Jun 9, 2022, 8:48 PM IST

Updated : Jun 9, 2022, 10:11 PM IST

yoga festival count down by minister sonowal at remote arunachal
অৰুণাচলৰ জিৰ'ত যোগাসন কৰি যোগ দিৱসৰ কাউন্ট-ডাউন কৰিলে সৰ্বানন্দ সোণোৱালে

গুৱাহাটী,৯ জুন: ২১ জুনত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক লৈ সমগ্ৰ দেশতে ব্য়াপক প্ৰস্তুতি (International Yoga Day to be held on June 21) । ইয়াৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দেখা গ'ল বিশেষ ৰূপত । আয়ুস মন্ত্ৰালয়ৰ দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে অৰুণাচলৰ জিৰ'ত সমুহীয়াভাৱে যোগচৰ্চা কৰি ২১ জুনত অনুষ্ঠিত হ'বলগীয়া আন্তৰ্জাতিক যোগ দিৱসৰ কাউন্ট-ডাউন আৰম্ভ কৰে(Union minister Sarbananda Sonowal participates in yoga programme in Arunachal) ।

উল্লেখ্য যে এইবাৰ কেন্দ্ৰীয় চৰকাৰে আন্তৰ্জাতিক যোগ দিৱসৰ কাউন্ট-ডাউন হিচাবে দেশৰ বিভিন্ন কোনত যোগচৰ্চা শিবিৰ অনুষ্ঠিত কৰিছে । এনে অভিযানৰ অংশ হিচাপে আজি পুৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰুণাচলৰ জিৰ'ত উপস্থিত হৈ ৰাজ্য চৰকাৰখনৰ দুই মন্ত্ৰী ক্ৰমে টেজ টেকী, চাবা তেদিক লগত লৈ যোগাসনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

তেওঁক সংগ দিয়ে আন ভালে সংখ্যক আমোলা বিষয়া আৰু দলীয় কৰ্মকৰ্তাই । এই যোগাভ্যাসৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে যোগে মন শৰীৰ আৰু আত্মাৰ মাজত যোগসুত্ৰ স্থাপন কৰি জীৱন সাফল্যমণ্ডিত কৰি তোলে । উল্লেখ্য যে সমগ্ৰ দেশৰ লগতে অসমতো ২১ জুনত ৰাজ্য চৰকাৰ আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত আন্তঃজাৰ্তিক যোগ দিৱস পালন কৰা হ'ব ।‌

লগতে পঢ়ক:বিধায়ক পুঁজিৰ অনিয়ম: বিশজনীয়া তদন্ত কমিটী বিচাৰিলে স্বয়ং ৰূপজ্যোতি কুৰ্মীয়ে

Last Updated : Jun 9, 2022, 10:11 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details