অসম

assam

ETV Bharat / state

Y20 Summit 2023 : সোমবাৰৰ পৰা গুৱাহাটীত ৱাই-২০ৰ আৰম্ভণি বৈঠক

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ‘ইয়ুথ ডায়লগ’ ত ভাগ লৈ মুকলি কৰিব শ্বেতপত্ৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থাপন কৰিব অসমৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদসকলৰ গৱেষণা পত্ৰ । আই আই টি গুৱাহাটীত অনুষ্ঠিত হ'ব কাৰিকৰী অধিৱেশন । অংশ গ্ৰহণ কৰিব জি-২০ (Y20 Summit 2023) দেশসমূহৰ ১৫০ ৰো অধিক যুৱ প্ৰতিনিধিয়ে । ব্ৰহ্মপুত্ৰৰ বালিচৰত ৱাই-২০ৰ প্ৰতিনিধিসকলৰ অৰ্থে বিশেষ অনুষ্ঠান ।

By

Published : Feb 5, 2023, 10:37 PM IST

Y20 Summit 2023
সোমবাৰৰ পৰা গুৱাহাটীত ৱাই-২০ৰ আৰম্ভণি বৈঠক

গুৱাহাটী,৫ ফেব্ৰুৱাৰী: গুৱাহাটীত সোমবাৰৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ জি-২০ৰ অধীনত ইয়ুথ-২০ (Y ২০)ৰ আৰম্ভণি বৈঠক অনুষ্ঠিত হ’ব । আই আই টি গুৱাহাটীৰ (IIT Guwahati) চৌহদত এই বৈঠকৰ আয়োজন কৰা হৈছে । এই সন্মিলনে ছাত্ৰ-ছাত্ৰীসকলক বিশ্বৰ দৰ্শকলৈ নিজ-নিজ মতামত প্ৰকাশৰ সুযোগ প্ৰদান কৰিব । কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী অনুৰাগ সিং ঠাকুৰে (Youth Affairs and Sports Minister Anurag Thakur) ৱাই-২০ৰ প্ৰতিনিধিসকলৰ সৈতে ‘ইয়ুথ ডায়লগ’ত ভাগ লৈ ভিন্ন বিষয়বস্তু সন্দৰ্ভত শ্বেতপত্ৰ মুকলি কৰিব ।

ইয়াত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) অসমৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদসকলৰ গৱেষণা পত্ৰও উপস্থাপন কৰিব । তদুপৰি আই আই টি গুৱাহাটীত কাৰিকৰী অধিৱেশন আৰু আলোচনা অনুষ্ঠিত হ’ব । ইয়াত ভাগ ল’বলগীয়া বিশিষ্ট বক্তাসকলৰ ভিতৰত আছে জেনেৰেল ভি কে সিং (General V K Singh), জি পি সিং, হিমা দাস আদি । তদুপৰি ব্ৰহ্মপুত্ৰৰ বালিচৰত ৱাই-২০ ৰ প্ৰতিনিধিসকলৰ অৰ্থে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

ইয়াত সংগীতানুষ্ঠান পৰিবেশন কৰিব অংগৰাগ মহন্তই । জি-২০ দেশসমূহৰ ১৫০ ৰো অধিক যুৱ প্ৰতিনিধিয়ে এই তিনিদিনীয়া বৈঠকত অংশ গ্ৰহণ কৰিব । এই কাৰ্য্যসূচীসমূহত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ১২,০০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়েও অংশ গ্ৰহণ কৰিব । অসমৰ প্ৰতিখন উচ্চ শিক্ষানুষ্ঠানে সমীপৰ ১০খন বিদ্যালয়ত সজাগতা অভিযানৰ কাৰ্য্যসূচী হাতত লৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক জি-২০ গ্ৰুপিং আৰু ইয়াৰ কাম-কাজ সম্পৰ্কে সজাগ কৰি তুলিব ।

ৱাই-২০ য়ে যুৱক-যুৱতীসকলক সমসাময়িক বিষয়সমূহৰ সন্দৰ্ভত তেওঁলোকৰ চিন্তা প্ৰকাশৰ এক মঞ্চ প্ৰদানৰ লক্ষ্যৰে কাম কৰে । ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৱাই-২০ ৰ আৰম্ভণি বৈঠকতে ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ সময়ছোৱাত ৱাই-২০ৰ কাৰ্য্যক্ৰমৰ ৰূপৰেখা অংকিত হ’ব ।

ৱাই-২০ৰ বিষয়বস্তুসমূহ হৈছে - কৰ্মৰ ভৱিষ্যৎ : উদ্যোগ ৪.০, উদ্ভাৱন আৰু একবিংশ শতিকা, জলবায়ু পৰিৱৰ্তন আৰু দুৰ্য্যোগৰ বিপদাশংকা হ্ৰাসঃ বহনক্ষমতাক জীৱনৰ পন্থা হিচাপে অৱলম্বন, শান্তি স্থাপন আৰু সমন্বয়ঃ যুদ্ধ বিহীন যুগৰ সূচনা, গণতন্ত্ৰ আৰু শাসন ব্যৱস্থাত যুৱক-যুৱতী, স্বাস্থ্য, কল্যাণ আৰু ক্ৰীড়া : যুৱক-যুৱতী সকলৰ বাবে এজেণ্ডা । উল্লেখ যে ২০১২ত আৰম্ভ হোৱা ৱাই-২০ হৈছে জি-২০ সন্মিলনৰ যুৱ সংস্কৰণ আৰু ই হৈছে যুৱক-যুৱতীসকল জি-২০ৰে জড়িত হ’বলৈ একমাত্ৰ আনুষ্ঠানিক ভাৱে স্বীকৃতিপ্ৰাপ্ত মঞ্চ ।

ই যুৱ নেতাসকলৰ বাবে অন্যতম প্ৰভাৱশালী আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক মঞ্চ । ইয়াৰোপৰি ৱাই-২০ হৈছে জি-২০ৰ অধীনস্থ আঠটা অফিচিয়েল এংগেজমেন্ট গ্ৰুপৰ অন্যতম (Official engagement group of G২০) । এই সন্মিলন সাধাৰণতে পৰম্পৰাগত ফ'ৰামৰ কেইসপ্তাহমান পূৰ্বে অনুষ্ঠিত হয়, যাতে যুৱক-যুৱতীসকলৰ ভাৱনা সম্পৰ্কে জ্ঞাত হ’ব পৰা যায় আৰু তেওঁলোকৰ পৰামৰ্শৰাজি নিজৰ নীতিগত প্ৰস্তাৱত অন্তৰ্ভুক্ত কৰা হয় । এয়া হৈছে জি-২০ দেশসমূহৰ চৰকাৰ আৰু স্থানীয় যুৱক-যুৱতীসকলৰ মাজত সংযোগ স্থাপনৰ এটি প্ৰয়াস । ৮ ফেব্ৰুৱাৰীত এই তিনিদিনীয়া ৱাই-২০ৰ আৰম্ভণি বৈঠকৰ সামৰণি পৰিব ।

লগতে পঢ়ক:Constituency Delimitation Assam : ডিব্ৰুগড়ত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মন্ত্ৰী-বিধায়কৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details