গুৱাহাটী, ৯ নবেম্বৰ : ২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিবেশন । মঙলবাৰে এই সম্পৰ্কত এক অধিসূচনা জাৰি কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে । পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই শীতকালীন অধিবেশন । উল্লেখযোগ্য যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইখনেই হ’ব প্ৰথমখন শীতকালীন অধিবেশন ৷ এই অধিবেশনত বিৰোধীয়ে বিভিন্ন বিষয়েৰে চৰকাৰক সমালোচনা কৰি সদন উত্তপ্ত কৰাৰ সম্ভাৱনা আছে ।
ইফালে, পাঁচটা সমষ্টিৰ উপনিৰ্বাচনৰ যোগেদি নতুনকৈ দুজন বিধায়কৰ সদনত প্ৰৱেশ ঘটিব । মন কৰিব লগীয়া যে, বিজেপিৰ তিনিজন নৱনিৰ্বাচিত বিধায়ক ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোঁহাই আৰু ফণী তালুকদাৰ বিধানসভাৰ বাবে নতুন নহয় । কিন্তু, বিজেপিৰ মিত্রদল ইউ পি পি এলৰ নৱনিৰ্বাচিত বিধায়ক জিৰণ বসুমতাৰী আৰু জলেন দৈমাৰীৰ প্ৰথমবাৰৰ বাবে বিধানসভাত প্ৰৱেশ ঘটিব ।