অসম

assam

ETV Bharat / state

উদ্ধাৰ হ'ল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ

যোৱা 16 নবেম্বৰত উগ্ৰতাৰা মন্দিৰৰ পৰা চুৰি হৈছিল বিগ্ৰহ ৷ গোলাঘাট আৰক্ষীয়ে অভিযান চলাই নলবাৰীৰ পৰা চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ কৰে ৷

উদ্ধাৰ হ'ল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ

By

Published : May 1, 2019, 11:29 AM IST

গুৱাহাটী, 1 মে':অসম আৰক্ষীৰ বৃহৎ সফলতা ৷ পাঁচ মাহ 16 দিনৰ পাচত অৱশেষত উদ্ধাৰ হয় উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ ৷ গোলাঘাট আৰক্ষীয়ে নলবাৰীৰ পৰা উদ্ধাৰ কৰে উগ্ৰতাৰা দেৱালয়ৰ পৰা চুৰি হোৱা বিগ্ৰহ ৷

উদ্ধাৰ হ'ল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ

গোলাঘাট জিলাৰ অতিৰিক্ত বিষয়া অধীক্ষক সুৰজিৎ সিং পানেচৰ আৰু গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত গোলাঘাট আৰক্ষীয়ে নলবাৰীত অভিযান চলাই উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহ উদ্ধাৰ কৰে ৷ লগতে এই সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে ৷ আটকাধীন লোককেইজন ক্ৰমে নলবাৰী জিলাৰ বাটচৰৰ চান হুচেইন , টিহুৰ আদিল আলী , মুকালমোৱাৰ ৰাহুল আলি আৰু পঞ্জাবাৰীৰ মিন্টু ৰায় ৷ আৰক্ষীয়ে নিশা চাৰিওকে গ্ৰেপ্তাৰ কৰাৰ পাচতে গোলাঘাটলৈ লৈ আনে ৷ ইপিনে উগ্ৰতাৰা মন্দিৰৰ মূল পূজাৰী আজি গোলাঘাটত উপস্থিত হৈ বিগ্ৰহ চিনাক্ত কৰিব আৰু তাৰ পাচতেই আৰক্ষীয়ে পূজাৰীৰ হাতত বিগ্ৰহ গতাই দিব ৷

উল্লেখ্য যে, যোৱা 16 নবেম্বৰত মন্দিৰৰ পৰা বিগ্ৰহ চুৰি হৈছিল ৷ বিগ্ৰহৰ সন্ধানত আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাইছিল যদিও বিগ্ৰহ উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত দেৱালয়ৰ কৰ্তৃপক্ষই আগন্তুক 2 মে'ত উগ্ৰতাৰা দেৱালয়ত নতুন বিগ্ৰহ প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ আনহাতে 2 মে'ত নতুন বিগ্ৰহ প্ৰতিষ্ঠাৰ পূৰ্বে যদি প্ৰশাসনে মন্দিৰ কৰ্তৃপক্ষক পুৰণি বিগ্ৰহ হস্তান্তৰ কৰে তেন্তে মন্দিৰ কৰ্তৃপক্ষই পুৰণি বিগ্ৰহ প্ৰতিষ্ঠা কৰিব আৰু যদি প্ৰশাসনে পুৰণি বিগ্ৰহ মন্দিৰ কৰ্তৃপক্ষক হস্তান্তৰ নকৰে তেন্তে কলকাতাত নিৰ্মাণ কৰা নতুন বিগ্ৰহ মন্দিৰত প্ৰতিষ্ঠা কৰা হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

উদ্ধাৰ হ'ল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ

ABOUT THE AUTHOR

...view details