অসম

assam

By

Published : Oct 12, 2019, 4:11 AM IST

ETV Bharat / state

ঝাড়ু লৈ পথ চাফা কৰা দুই যানবাহন আৰক্ষীক সম্বৰ্ধনা

হাতত ঝাড়ু লৈ পথ চাফা কৰি অনন্য নিদৰ্শন দাঙি ধৰে দুই যানবাহন আৰক্ষীয়ে ৷ এই ঘটনাৰ পিছতে সম্বৰ্ধনা জনালে মহানগৰ আৰক্ষী আয়ুক্তই ৷

ঝাড়ু লৈ পথ চাফা কৰা দুই যানবাহন আৰক্ষীক সম্বৰ্ধনা

গুৱাহাটী, 11 অক্টোবৰঃ হাতত ঝাড়ু লৈ পথ চাফা কৰি এক অনন্য নিদৰ্শন দাঙি ধৰে দুই যানবাহন আৰক্ষীয়ে ৷ 6 অক্টোবৰৰ নিশা মহানগৰীৰ দতালপাৰাত সংঘটিত এক পথ দুৰ্ঘটনাৰ পিছতে হাতত ঝাড়ু লৈ পথ পৰিষ্কাৰ কৰিছিল দুই যান-বাহন আৰক্ষীয়ে ৷ ফটাশিল আমবাৰী থানাত কৰ্মৰত দুয়োজন আৰক্ষী বিষয়া ক্ৰমে অৱদেশ কুমাৰ ৰায় আৰু ৰাজা সৰকাৰক এই ঘটনাৰ পিছতে সম্বৰ্ধনা জনালে মহানগৰ আৰক্ষী আয়ুক্তই ৷ স্বচ্ছতাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই ব্যৱস্থাৰ বাবে দুয়োগৰাকীকে সম্বৰ্ধনা জনোৱা বুলি মন্তব্য প্ৰকাশ কৰে আৰক্ষী আয়ুক্তই ৷

ঝাড়ু লৈ পথ চাফা কৰা দুই যানবাহন আৰক্ষীক সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details