গুৱাহাটী, ১৩ জুন:গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ দলবদ্ধ ধর্ষণৰ ঘটনা। এইবাৰ দুগৰাকী বনকৰা কিশোৰীক দলবদ্ধ ধর্ষণৰ ঘটনা পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে দুজন লোকক। অৱশ্যে এই ধৰ্ষণৰ ঘটনাৰ দুই মূল অভিযুক্ত বৰ্তমানো পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। ধৃত অভিযুক্ত দুটা হৈছে ড৹ ৰাজা দাস আৰু ধীৰেন মজুমদাৰ।
আৰক্ষী সূত্ৰে জানিব পৰা মতে মহানগৰীৰ পাথৰকুৱেৰীৰ নীলাচল এপাৰ্টমেণ্টৰ বাসিন্দা ড৹ ৰাজা দাসৰ ঘৰত চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ৯ বছৰীয়া আৰু ১৫ বছৰীয়া দুগৰাকী কিশোৰীয়ে শ্ৰমিক হিচাপে কাম কৰি আছিল। অভিযোগ অনুসৰি চিকিৎসক ড৹ ৰাজা দাসৰ পৰিয়ালে বনকৰা কিশোৰী দুগৰাকীকে অকথ্য নিৰ্যাতন চলাই আহিছিল। চিকিৎসক পৰিয়ালৰ নিৰ্যাতন সহিব নোৱাৰি বনকৰা কিশোৰী দুজনীয়ে যোৱা শনিবাৰে ঘৰখনৰ পৰা কোনো মতে পলাই আহে।
তাৰ পৰা ওলাই আহি দুয়ো মঠঘৰীয়া উৰণীয়া সেতুৰ তলত আইছক্ৰীম খাবলৈ লয়। তেনে সময়তে দুজন আইছক্ৰীম ব্যৱসায়ীয়ে কিশোৰী দুজনীক ফুচুলাই ঘৰলৈ নি ধৰ্ষণ কৰে। তাৰ পিচত দুয়ো তাৰ পৰা কোনোমতে ওলাই আহি নাৰেংগীৰ ফ’ৰেষ্টগেটৰ এখন চাহ দোকানত আশ্ৰয় লয়।
কিন্তু তাতো চাহৰ দোকানী ধীৰেণ মজুমদাৰ নামৰ লোকজনে কিশোৰী দুগৰাকীক অশ্লীল ইংগিত দিয়ে। পুনৰ কিশোৰী দুগৰাকীয়ে সেই ঠাইৰ পৰা কৌশলেৰে পলাই আহি নাৰেংগীৰ বাবু বস্তিত আশ্ৰয় গ্ৰহণ কৰে।