অসম

assam

By

Published : Mar 11, 2021, 7:00 PM IST

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ সংবাদ

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ সংবাদ

top10 news
মুখ্য সংবাদ

1. মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই

প্ৰাৰ্থিত্ব লাভ কৰি এটা দিনৰ ভিতৰতে মনোনয়ন দাখিল কৰিলে নগাঁও সদৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই ।

2.বিধায়ক গুৰুজ্যোতি দাসৰ মনোনয়ন দাখিল

মঙলদৈ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক গুৰুজ্যোতি দাসে ৷ সহস্ৰাধিক সমৰ্থকৰ সৈতে মঙলদৈৰ ভেবাৰঘাটৰ পৰা আৰম্ভ কৰি চহৰৰ মাজমজিয়াৰে বিশাল সমদল বাহিৰ গুৰুজ্যোতি দাসৰ ৷

3. সৰিয়হৰ ডুলিতে ভূত: আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ আৰক্ষী

খোদ আৰক্ষীৰ হাততে গ্ৰেপ্তাৰ হ'ল আৰক্ষী ৷ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীৰ বিশেষ শাখাত কৰ্মৰত এগৰাকী আৰক্ষী বিষয়াক ৷ ড্ৰাগছ ব্যৱসায়ীৰ পৰা সৰবৰাহৰ বাবে ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ উপ পৰিদৰ্শক মুচাদ্দিক হুছেইন ৷

4. ধুবুৰীত নগদ ৯ লাখ ৫০ হাজাৰ টকা জব্দ

নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত অধিক তৎপৰ হৈ পৰিছে ধুবুৰী জিলা প্ৰশাসন । বৃহস্পতিবাৰে ষ্টেটিক ছাৰ্ভিলেঞ্চ টীমৰ অভিযানত জব্দ ৯ লাখ ৫০ হাজাৰ টকা । সুজন পাল নামৰ এজন লোকৰ পৰা ধনখিনি জব্দ কৰা হয় ।

5.জনীয়াত তীব্ৰতৰ বিজেপিৰ নিৰ্বাচনী তৎপৰতা

সমাগত নিৰ্বাচনক লৈ বৃহস্পতিবাৰে জনীয়াত এখন সভা আহ্বান কৰি শক্তিশালী নিৰ্বাচন পৰিচালনা সমিতি গঠন বিজেপিৰ দলীয় নেতা-কৰ্মীৰ ৷ সভাত 70 বছৰে নোহোৱা উন্নতি সমষ্টিত বিজেপিৰ বিধায়ক হ’লে 5 বছৰতে সম্ভৱ হৈ উঠিব বুলি মন্তব্য কৰে দলীয় কৰ্মীয়ে ৷

6. বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈৰ চিৰাং পৰিভ্ৰমণ

সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিটিআৰৰ বিশেষ আৰক্ষী সঞ্চালক এল আৰ বিষ্ণৈৰ লগতে চিৰাঙৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধী, বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়, বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক কুমাৰ বৰাসহ আৰক্ষীৰ এটা বৃহৎ দলে বিজনী চহৰ খোজকাঢ়ি পৰিভ্ৰমণ কৰে ।

7.যুৱ নেতা শচীন চাহুয়ে দাখিল কৰিলে মনোনয়ন

বৃহস্পতিবাৰে কংগ্ৰেছৰ মহাজোঁটৰ পাথাৰকান্দি সমষ্টিৰ প্রার্থী শচীন চাহুয়ে মনোনয়ন দাখিল কৰে ৷

8. ভাৰত-উজবেকিস্তান সেনাৰ যৌথ অনুশীলন

উত্তৰাখণ্ডৰ চৌবাতিয়াত ১০ দিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা ভাৰত আৰু উজবেকিস্তান সেনাৰ এক সামৰিক অনুশীলন আৰম্ভ হয় । ভাৰত-উজবেকিস্তান উভয় পক্ষৰে ৪৫ গৰাকীকৈ সেনাই "ডাষ্টলিক ২" শীৰ্ষক অনুশীলনত অংশগ্ৰহণ কৰে ।

9.হায়দৰাবাদত স্বামীক হত্যা কৰি ৰঙাঘৰৰ আলহী পত্নী

হায়দৰাবাদৰ বনস্থলীপুৰমত স্বামীক হত্যা কৰি অৱশেষত গ্ৰেপ্তাৰ দ্বিতীয় পত্নী । স্বামীক হত্যা কৰি ঘৰৰ সন্মুখত মহিলাগৰাকীয়ে মাটিত পুতি থৈছিল মৃতদেহ ।

10. মুৰ্ছিদাবাদৰ পথ দুৰ্ঘটনাত নিহত 7

পশ্চিমবংগৰ মুৰ্ছিদাবাদত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । ফলত থিতাতে নিহত হয় চালক সহিতে 7 জন লোক আৰু আহত হয় 15 জন লোক । আহতসকলক ইতিমধ্যে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

ABOUT THE AUTHOR

...view details