অসম

assam

ETV Bharat / state

বিয়লি 5 বজাৰ দহটা শীৰ্ষ সংবাদ - top10 news

বিয়লি 5 বজাৰ দহটা শীৰ্ষ সংবাদ

top10 news
মুখ্য সংবাদ

By

Published : Mar 16, 2021, 5:02 PM IST

1. ইউপিপিএলে প্ৰকাশ কৰিলে আঠজনীয়া প্ৰাৰ্থীৰ তালিকা

কোকৰাঝাৰ চহৰৰ বডোফা নৌগৰস্থিত ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত মঙলবাৰে আয়োজিত হোৱা এক সংবাদমেলত ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাউথি ব্ৰক্ষ হাজোৱাৰীয়ে তৃতীয় পৰ্যায়ত আঠজনীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷

2.আত্মবিশ্বাসেৰে আজি তৃতীয়খন টি-20 যুঁজত নামিব টিম ইণ্ডিয়া

আজি ভাৰত-ইংলেণ্ডৰ তৃতীয়খন টি-20 মেচ ৷ বিৰাট কোহলীৰ নেতৃত্বত অধিক আত্মবিশ্বাসেৰে ইংলেণ্ডৰ বিৰুদ্ধে টি-20 মহাযুঁজত নামিব টিম ইণ্ডিয়া ৷ ইতিমধ্যে এই মহাযুঁজৰ বাবে সাজু হৈছে নৰেন্দ্ৰ মোডী ষ্টেডিয়াম ৷

3. মৰিছা আলহী গাঁৱৰ বিহু কৰ্মশালাৰ সামৰণি

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালকৈ আহি পালে অসমীয়াৰ বাপতি সাহোন, হেঁপাহৰ ৰঙালী বিহুটি ৷ তেনে সময়তে চাবুৱাৰ মৰিছা আলহী গাঁৱত সোণোৱালী আত্ম সহায়ক গোটৰ উদ্যোগত আয়োজন কৰা হৈছে বিহুনাচৰ কৰ্মশালা ৷ যোৱা 5 মাৰ্চৰ পৰা আৰম্ভ হোৱা দহ দিনীয়া বিহু নৃত্যৰ কৰ্মশালাখনিৰ সোমবাৰে সামৰণি কৰে ৷

4. পৰ্যটকৰ বাবে বৃদ্ধি হ'ব পাৰে তাজমহলৰ টিকটৰ মূল্য !

পৰ্যটকৰ বাবে তাজমহলৰ টিকটৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে । বৰ্তমান তাজমহলত প্ৰৱেশৰ বাবে ভাৰতীয় পৰ্যটকে ৫০ টকা পৰিশোধ কৰি আছে । টিকটৰ মূল্য বৃদ্ধি হ’লে ভাৰতীয় পৰ্যটকে ৮০ টকাকৈ টিকট ক্ৰয় কৰিব লাগিব । আনহাতে বিদেশী পৰ্যটকে প্ৰতিটো টিকটৰ বাবে ১১০০ টকাৰ পৰিৱৰ্তে ১২০০ টকা পৰিশোধ কৰিব লাগিব ।

5.সমৰ্থকৰ অভাৱ জিতু গোস্বামীৰ ! চাইকেল ৰেলীত শিক্ষাৰ্থী

অগপৰ দূৰ্গ বঢ়মপুৰত টিকট লাভ কৰি বিজেপি প্ৰাৰ্থী জিতু গোস্বামীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুসৰণ কৰি পঞ্চায়তে পঞ্চায়তে বাহিৰ কৰিছে চাইকেল ৰেলী । সমৰ্থকৰ অভাৱত অষ্টম-নৱম শ্ৰেণীৰ ছাত্ৰক ব্যৱহাৰ কৰিছে চাইকেল ৰেলীত ।

6. বিলাসীপাৰাত অশোক কুমাৰ সিংঘীৰ মনোনয়ন দাখিল

তৃতীয় পৰ্যায়ত পূৱ বিলাসীপাৰাত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে মঙলবাৰে বিজেপিৰ প্ৰাৰ্থী অশোক কুমাৰ সিংঘীয়ে দাখিল কৰিলে মনোনয়ন ৷

7.বৃহৎ পৰিমাণৰ নগদ ধনসহ আটক অভিযন্তা

নিৰ্বাচনৰ প্ৰাকক্ষণত মঙলবাৰে ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনৰ পৰা বৃহৎ পৰিমাণৰ ধনসহ এজন অভিযন্তাক আটক কৰিছে চিবিআই-য়ে ৷ ধৃত অভিযন্তাজন স্বপ্নদীপ গগৈ ৷

8. ৩ বছৰত ৩৭ শতাংশ মুছলমানক হত্যা কৰা হৈছে: আশাদুদ্দিন ওৱেইছি

সৰ্বভাৰতীয় মজলিছ এ ইত্তেহাদুল মুছলিমিনৰ(এআইএমআইএম) প্ৰধান আশাদুদ্দিন ওৱেইছিৰ অভিযোগ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰে মুছলমানসকলক লক্ষ্য কৰি আহিছে কিয়নো তিনি বছৰত উত্তৰ প্ৰদেশৰ ৩৭ শতাংশ এনকাউণ্টাৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ বিৰুদ্ধে কৰা হৈছে ।

9.অ'স্কাৰ ২০২১ ত মনোনয়নৰ তালিকাত ভাৰতীয় ছবি দ্য হোৱাইট টাইগাৰ

৯৩ তম একাডেমী বঁটাৰ বাবে মনোনয়ন অভিনেত্ৰী-প্ৰযোজক প্ৰিয়ংকা চোপ্ৰা জোনাছ আৰু গায়ক নিক জোনাছৰ নাম । লেখক-পৰিচালক ৰামিন বাহৰানিৰ ছবি দ্য হোৱাইট টাইগাৰে মনোনয়ন লাভ কৰিলে বিশেষ শিতানত ।

10. 'দ্য বিগ বুল'ৰ টিজাৰ শ্বেয়াৰ কৰিলে অজয় দেৱগনে

অভিষেক বচ্চন অভিনীত 'দ্য বিগ বুল'ৰ টিজাৰ শ্বেয়াৰ কৰিলে অজয় দেৱগনে । অহা ৮ এপ্ৰিলত মুক্তি লাভ কৰিব 'দ্য বিগ বুলে' । কুকী গুলাটী নিৰ্দেশিত এই ছবিখন হৰ্ছদ মেহতাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ।

ABOUT THE AUTHOR

...view details