অসম

assam

By

Published : Jun 2, 2020, 7:05 PM IST

ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ বাতৰিসমূহ...

সন্ধিয়া সাত বজাৰ শীৰ্ষ বাতৰিসমূহ...

সন্ধিয়া সাত বজাৰ শীৰ্ষ বাতৰিসমূহ...
সন্ধিয়া সাত বজাৰ শীৰ্ষ বাতৰিসমূহ...

পুনৰায় Covid 19ত আক্ৰান্ত ৰাজ্যৰ এগৰাকী চিকিৎসক

কামৰূপৰ শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত কৰ্মৰত ডাঃ দীপক চন্দ্ৰ দাসৰ দেহত ধৰা পৰিছে COVID 19ৰ উপস্থিতি ৷ এই খবৰ প্ৰচাৰৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে আতংকৰ ।

সোণাৰিত বৃদ্ধি হস্তী-মানৱৰ সংঘাত

হস্তী-মানৱৰ সংঘাতে ক্ৰমশঃ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে শিৱসাগৰৰ সোণাৰিত ৷ খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে বিস্তৰ ক্ষতিসাধন কৰিছে সোণাৰিৰ টাওকাক গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱত ৷ হাতীৰ আক্ৰমণৰ ফলত বিনষ্ট মূল্যৱান সা-সম্পত্তিকে ধৰি বহু সামগ্ৰী ৷

ভূমিস্খলনৰ বাবে অনিদিষ্টকাললৈ স্থগিত লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথ

ৰাজ্যত অব্যাহত থকা ভূমিস্খলনৰ বাবে লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথৰ মাইবাং আৰু মুপাৰ মাজত যোগাযোগ ব্যাহত হৈ পৰে ৷ উক্ত ঘটনাৰ বাবে বহু কেইখন ৰে'ল গাড়ী ঘুৰাই পঠোৱা হয় বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জনসংযোগ বিষয়া নৃপেন ভট্টাচাৰ্যই জানিবলৈ দিয়ে ৷

মহানগৰীত বিস্ফোৰণত প্ৰাণ হেৰুৱালে যুৱকে

মহানগৰীৰ ৰুক্মিণীগাঁৱত ফায়াৰ এক্সটিংগুইচাৰৰ ৰিফিলিঙৰ দোকানত বিস্ফোৰণ ঘটাৰ ফলত থিতাতে নিহত এজন 36 বছৰীয়া কৰ্মচাৰী ৷ মৃত কৰ্মচাৰীজন নলবাৰীৰ আজাৰা নিবাসী মৃদুল ডেকা ৷

সোণাৰিত বন্দুক, গুলী, ড্ৰাগছসহ আটক যুৱক

সোণাৰিত বন্দুক,সজীৱ গুলী,ড্ৰাগছ আৰু গাঞ্জাসহ যুৱক আটক । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত সোমবাৰে নিশা সোণাৰিৰ ৯ নং ৱাৰ্ডত সেনা বাহিনীয়ে চলোৱা এক অভিযানত আটক হয় কাঞ্চন দাস নামৰ যুৱকজন ।

ধুবুৰীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক

ধুবুৰীত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক স্বাস্থ্য মন্ত্ৰী গৰাকীৰ ৷

হেঙেৰাবাৰীত উন্মোচন বিজেপি বাৰ্তা

হেঙেৰাবাৰী বিজেপি কাৰ্য্যালয়ত সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত উন্মোচন বিজেপি বাৰ্তা । অনুষ্ঠানত উপস্থিত আছিল সভাপতি ৰঞ্জিত দাস,সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মাকে ধৰি দলীয় কৰ্মী। আনুষ্ঠানিকভাৱে 42 সংখ্যক বিজেপি বাৰ্তাখন উন্মোচন কৰে সাংসদ তথা বিজেপি সাধাৰণ সম্পাদক শ্ৰীযুত দিলীপ শইকীয়া ।

বাইহাটাত কোভিড-19 আক্ৰান্ত মহকুমা স্বাস্থ্য বিষয়া

কামৰূপৰ বাইহাটা চাৰিআলিত Covid 19-ত আক্ৰান্ত হয় স্বাস্থ্য বিভাগৰ এজন লোক । ২৭ মে'ৰ পৰা হোম কোৱাৰেন্টাইনত আছিল লোকজন ।

তিনিচুকীয়াত উদ্ভাৱন হ'ল ছেনিটাইজেশ্যন যন্ত্ৰ

তিনিচুকীয়াৰ বৰদলৈ নগৰৰ মৃনাল দত্ত নামৰ ব্যক্তিজনে নিৰ্মাণ কৰি উলিয়াইছে তিনিটাকৈ অত্যাধুনিক ছেনিটাইজেশ্যন যন্ত্ৰ ৷ হাতেৰে স্পৰ্শ নকৰাকৈয়ে ২০ ছেকেণ্ডতে সম্পূৰ্ণ শৰীৰটো ছেনিটাইজেশ্যন কৰিব পাৰি বুলি সাংবাদিকৰ আগত সদৰি কৰে লোকজনে ।

কলিয়াবৰত প্ৰথমজন Covid 19 ত আক্ৰান্ত ৰোগী

কলিয়াবৰত ধৰা পৰিল প্ৰথমজন Covid-19ত আক্ৰান্ত ৰোগী ৷ দিল্লীৰ পৰা আহি শালনা বাপুজী হাইস্কুলত কোৱাৰেণ্টাইনত আছিল যুৱকজন। মিছা আদৰ্শ হাইস্কুলত থকা নমুনা সংগ্ৰহ কেন্দ্ৰই স্বাৱ সংগ্ৰহ কৰিছিল যুৱকজনৰ। মঙলবাৰে নমুনা পৰীক্ষাৰ অন্তত যুৱকজন "কভিড পজিটিভ" বুলি ঘোষণা কৰে স্বাস্থ‍্য বিভাগে ।

ABOUT THE AUTHOR

...view details