অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা খবৰ

5 বজাৰ শীৰ্ষ দহটা খবৰ

top ten news at 5 pm
top ten news at 5 pm

By

Published : Jan 11, 2021, 4:58 PM IST

আৰু এটা নতুন ৰাজনৈতিক দলঃ নেতৃত্বত মহন্ত !

নৱগঠিত আঞ্চলিক গণ মৰ্চা, ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ পিছত ৰাজ্যত এতিয়া আন এটা নতুন ৰাজনৈতিক দল গঠনৰ সম্ভাৱনা প্ৰকট হৈছে । কোনে নেতৃত্ব দিব এই নতুন ৰাজনৈতিক দলক? প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই গুৰিবঠা ধৰিব নেকি এই নতুন দলৰ?

ৰাইজৰ দলৰে অসম জাতীয় পৰিষদৰ মিত্ৰতাৰ ইংগিত লুৰিণজ্যোতি গগৈৰ

অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী ৷ সোমবাৰে দলটোত যোগদান কৰে অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব ধীৰেন্দ্ৰনাথ শইকীয়া, প্ৰদীপ কুমাৰ সিংহ, অসম মহিলা পৰিষদৰ ৰিনা শইকীয়া, বিপঞ্চি দাস, পৰশ মণি বৰা, মায়া ৰায়ৰ লগতে ৰাজ্যৰ কেইবাগৰাকীয়ো আগশাৰীৰ ব্যক্তিয়ে ৷

চৰকাৰৰ বিফলতা ঢাকিবলৈ বিধায়কৰ ওপৰত দোষ জাপিছে বিজেপিয়ে : ৰকিবুল হুছেইন

সোমবাৰে ধুবুৰীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷ এই সংবাদমেলত উপস্থিত থাকে সাংসদ গৌৰৱ গগৈৰ লগতে বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু ড৹ মতিউৰ ৰহমান মণ্ডলৰ লগতে ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰ ৷

গোৱালপাৰাত গুলিচালনাৰ ঘটনা : আহত 6 গৰাকী

গোৱালপাৰাত সংঘটিত হৈছে গুলিচালনাৰ ঘটনা ৷ পৰিয়ালকেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি সৃষ্টি হয় এই ঘটনা ৷ আহত 6 গৰাকী লোক ৷

কৰায়ত্ব চীনা সৈনিকক মুকলি কৰি দিলে ভাৰতীয় সেনাই

বিগত 8 জানুৱাৰীত লাডাখৰ ৰেজাং-লাত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত বিচৰণ কৰি থকা অৱস্থাতে এজন চীনা পিএলএৰ সৈনিকক কৰায়ত্ব কৰিছিল ভাৰতীয় সেনাই ৷ ইয়াৰ পিছতেই ভাৰতীয় সেনাৰ জিম্মাত ৰখা হৈছিল সৈনিকজনক ৷

মাত্ৰ দুটা মাহতে অসমত নিবনুৱাৰ হাৰ ৬.৪ শতাংশলৈ বৃদ্ধি

বিগত বৰ্ষত অসমত দুটা মাহৰ ভিতৰতে নিবনুৱাৰ হাৰ ৬.৪ শতাংশলৈ বৃদ্ধি । "চেন্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইক'নমি"য়ে শেহতীয়া সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য ।

কৰ'ণা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰে বৈঠকত বহিব প্ৰধানমন্ত্ৰী

আজি দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ভিডিঅ' কনফাৰেন্সযোগে অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত কৰ'ণাসৃষ্ট পৰিস্থিতি আৰু টীকাকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰে আলোচনা কৰিব প্ৰধানমন্ত্ৰীয়ে ।

কৃষি আইনত কেন্দ্ৰই স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে দিব : মুখ্য ন্যায়াধীশ

মুখ্য ন্যায়াধীশ এছ এ ববডেই কয়, "ভাৰতৰ কেন্দ্ৰীয় চৰকাৰখনে এই সকলোবোৰৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব ৷ আপোনালোকে এই আইনকেইখন লৈ আহিছে আৰু আপোনালোকে ইয়াক উন্নত ধৰণে কৰিব পাৰিব ৷ যদি কেন্দ্ৰই এই আইন প্ৰণয়ত স্থগিতাদেশ প্ৰদান নকৰে তেন্তে এই কাম উচ্চতম ন্যায়ালয়ে কৰিব ৷"

প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ উভতি অহা কৃষকৰ আত্মহত্যা

কেতিয়া অন্ত পৰিব কৃষক বিদ্ৰোহ ? তিনিখনকৈ কৃষি আইনৰ বিৰোধিতা কৰিবলৈ প্ৰাণ আহুতি দিছে দেশৰ ভিন্ন প্ৰান্তৰ বহু কৃষকে । পঞ্জাৱৰ বৰনালাৰ নিৰ্মল সিং নামৰ এগৰাকী কৃষকেও বাচি ল'লে জীৱনৰ চৰম পথ । দিল্লী সীমান্তৰ প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ উভতি আহি আত্মহত্যা কৰে কৃষকজনে ।

ইজৰাইলত শৈক্ষিক কৰ্মচাৰীসকলৰ বাবে টীকাকৰণ অভিযান আৰম্ভ

যোৱা ২০ ডিচেম্বৰৰ পৰা ইজৰাইলত আৰম্ভ হৈছে টীকাকৰণ অভিযান । ২০৩,০০০তকৈও অধিক শৈক্ষিক কৰ্মচাৰীয়ে বিগত দিনত ২.৪ মিলিয়নতকৈও অধিক শিক্ষাৰ্থীৰ সংস্পৰ্শলৈ অহা শিক্ষক আৰু শৈক্ষিক কৰ্মচাৰীসকলৰ বাবে টীকাকৰণ অভিযান আৰম্ভ কৰা হৈছে ।

ABOUT THE AUTHOR

...view details