অৰুণাচলত অইলৰ দুগৰাকী বিষয়াক অপহৰণ অস্ত্ৰধাৰী দলৰ
এটা পোন্ধৰ জনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰিলে অইলৰ দুই বিষয়াক ৷ অৰুণাচলৰ ডায়ুনত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ ডায়ুনৰ খুমচাই খা অঞ্চলত তৈলখাদ খনন কাৰ্যত নিয়োজিত হৈ আছিল বিষয়া দুগৰাকী ৷ অপহৃত বিষয়া দুগৰাকীপি কে গগৈ আৰু ৰাম কুমাৰবুলি জানিব পৰা গৈছে ৷
ডিমা হাছাওত 13 কোটি টকীয়া প্ৰজেক্টৰ কাম আধাতে সামৰিলে!
ডিমা হাছাও জিলাত পিএমজিএচৱাই প্ৰকল্পৰ অধীনত পথ আৰু দুখন দলং নিৰ্মাণৰ কাম আধাতে এৰি দিলে । পিএমজিএচৱাই প্ৰকল্পৰ অধীনত AS 18-054 পেকেজৰ 4.621 কিলোমিটাৰ পথ আৰু দিয়ুং নৈৰ ওপৰত দুখন আৰ চি চি দলং নিৰ্মাণ কৰাৰ বাবে 13 কোটি টকা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছিল ৷ কিন্তু এই প্ৰকল্পৰ কাম এতিয়ালৈকে 40 শতাংশই সম্পূৰ্ণ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ।
পিডিপিৰ 3 জন সাংগঠনিক বিষয়াসহ 20 জনক নজৰবন্দী প্ৰশাসনৰ
জিলা উন্নয়ন পৰিষদৰ(DDC) নিৰ্বাচনৰ ভোট গণনা পূৰ্বেই PDP ৰ তিনিজন সাংগঠনিক বিষয়াসহ 20 জন ৰাজনৈতিক নেতাক প্ৰশাসনে প্ৰতিৰোধমূলক জিম্মাত ৰাখিছে ৷ DDC নিৰ্বাচনত ভোট গণনাত বিজেপিয়ে কিছু ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰা অভিযোগ উত্থাপন কৰিছিল প্ৰাক্তন মুখ্য মন্ত্ৰী মেহবুবা মুফতিয়ে ৷
বৰপেটাত ভাড়াতীয়াৰ ঘৰত উদ্ধাৰ এটি অপহৃত দহ বছৰীয়া শিশু
বৰপেটাৰ হাউলীত চাঞ্চল্যকৰ ঘটনা । ভাড়াতীয়াৰ দ্বাৰা অপহৃত দহ বছৰীয়া এটি শিশু উদ্ধাৰ ৷ অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ হোৱা শিশুটোৰ নাম মুজাহিদ হুছেইন । হাউলীৰ লাচিত ৰোডৰ সৰবেশ আলিৰ ঘৰত ভাড়াতীয়া হিচাপে থকা গুলজাৰ আৰু মামনি বেগম নামৰ দম্পতিহালে হাত ভৰি বান্ধি নিজ কোঠাত আবদ্ধ কৰি ৰাখিছিল শিশুটিক ৷
জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন: জম্মু-কাশ্মীৰৰ প্ৰথমটো গণতান্ত্ৰিক অনুশীলন
পূৰ্বৰ জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যদা ভংগ কৰি দুখনকৈ কেন্দ্ৰীয়শাসিত অঞ্চলত ভাগ কৰাৰ পিচতে জম্মু-কাশ্মীৰত অনুষ্ঠিত হয় প্ৰথমটো গণতান্ত্ৰিক অনুশীলন ৷ কোভিডৰ মাজতেই জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন, বিগত 28 নৱেম্বৰত ঘোষণা কৰা হয় ৷