সংযুক্ত হৈ ভাৰত আক্ৰমণৰ পৰিকল্পনা চীন আৰু পাকিস্তানৰঃ স্থলসেনা প্ৰধান
স্থলসেনা দিৱসৰ পূৰ্বেই সম্বোধন কৰা বাৰ্ষিক সংবাদমেলত স্থলসেনা সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱানে ৷ দিল্লীৰ স্থলসেনা মুখ্যালয়ৰ সভাকক্ষৰ পৰা সম্বোধন কৰা সংবাদমেলত চীন আৰু পাকিস্তানৰ ভূমিকাক লৈ সৰৱ হৈ পৰে স্থলসেনা প্ৰধানগৰাকী ৷
নিৰ্বাচনী প্ৰস্তুতিৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী
সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ইতিমধ্যে অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ বুজ লৈছে কেবাগৰাকীও শীৰ্ষ বিজেপি নেতাই ৷ ইয়াৰ ভিতৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগতপ্ৰকাশ নাড্ডা আৰু বিজেপিয়ে নিযুক্ত কৰা ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা অন্যতম আছিল ৷
কৃষি আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য
উচ্চতম ন্যায়ালয়ে তিনিখন ফাৰ্ম বিধেয়কৰ বিৰোধিতা কৰাৰ লগতে দিল্লীৰ সীমান্তৰ পৰা বিক্ষোভকাৰী সকলক অপসাৰণৰ বাবে দিয়া কেইবাখনো আবেদনৰ শুনানি আৰম্ভ কৰিছে ৷ উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি এছ বোবডেৰ নেতৃত্বাধীন বিচাৰপীঠৰ বিচাৰপতি এ এছ বোপান্না আৰু ভি ৰামসুব্ৰমণিয়মৰ দ্বাৰা গঠিত এখন বিচাৰপীঠে কয় যে, নিৰ্দেশৰ বাবে মঙলবাৰে এই বিষয় সমূহ অন্তৰ্ভুক্ত কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰে ৷
24 বছৰে মাঘৰ মেজি জ্বলা নাই কেকেৰীকুছিত
সমগ্ৰ ৰাজ্য সাজু হৈছে ভোগালী বিহুক আদৰিবলৈ। কিন্তু ৰঙিয়াৰ কেকেৰীকুছি গাঁৱত নাই বিহুক আদৰাৰ কোনো প্ৰস্তুতি ৷ চৌব্বিশ বছৰ পূৰ্বে উৰুকাৰ নিশা গাঁওখনত চলা হত্যালীলাৰ কথা সুৱৰি আজিও গাঁওবাসীয়ে চকুপানী টোকে।
21’ ৰ নিৰ্বাচনত নট্ আউট হৈ থাকিব ৰূপজ্যোতি কুৰ্মী
কলিয়াপানী যুৱ মঞ্চৰ উদ্যোগত কলিয়াপানীত আয়োজিত হোৱা দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ প্ৰাক মূহুৰ্তত ক্ৰিকেটাৰৰ ৰূপত দেখা গ'ল কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৷ প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলৰ প্ৰাক মুহূৰ্তত টীয়ক প্ৰেছ ক্লাৱ আৰু কন্ঠশিল্পী ভৃগু কাশ্যপ দলৰ মাজত এখন প্ৰীতি খেল অনুষ্টিত হয় ৷ ভৃগু কাশ্যপৰ হৈ দলত অংশগ্ৰহণ কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷