অসম

assam

ETV Bharat / state

11 বজাৰ 10টা শীৰ্ষ সংবাদ

11 বজাৰ 10টা শীৰ্ষ সংবাদ

top 10 at 11 am
11 বজাৰ 10টা শীৰ্ষ সংবাদ

By

Published : Dec 10, 2020, 11:00 AM IST

বিটিচি নিৰ্বাচনঃ ভোটদান সাব্যস্ত কৰি কি ক'লে মন্ত্ৰী চন্দন ব্ৰহ্মই

চিৰাঙত পুৱা 7:30 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ । 403 নম্বৰ নিলিবাৰী প্ৰাথমিক বিদ‍্যালয়ত মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান ৷ চিৰাঙ জিলাৰ মুঠ 7 টা পৰিষদীয় সমষ্টিৰ 34 প্ৰাৰ্থীৰ আজি নিৰ্ণয় হ'ব ভাগ্য ৷

পবা বনাঞ্চলত 30 ৰো অধিক লুপ্তপ্ৰায় অৰ্কিড ৰোপন

জোনাইত প্ৰকৃতিপ্ৰেমী যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা ৷ হাতে হাতে ৰঙ, ব্ৰাচ আৰু অৰ্কিড লৈ পবা বনাঞ্চলৰ সৌন্দৰ্য বৰ্ধনৰ চেষ্টা যুৱকৰ এটা দলৰ ৷ প্ৰায় 30 ৰো অধিক লুপ্তপ্ৰায় অৰ্কিড ৰোপন যুৱকৰ দলটোৰ ৷

সমষ্টিত নিম্ন মানৰ পকী পথ নিৰ্মাণে জ্বলা কলা খুৱাইছে ভূৱন পেগুক

নিৰ্মাণকাৰ্য চলি থকাৰ মাজতে জোনাইৰ এটা পকী পথৰ বিতুমিন চপৰা চপৰে এৰি যোৱাৰ অভিযোগ ৷ নিম্ন মানৰ পথ নিৰ্মাণক লৈ সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন বিধায়ক ভূৱন পেগু ৷ নিজেই গৈ পথ পৰিদৰ্শন কৰিলে বিধায়ক গৰাকীয়ে ৷

ধেমাজি ছাত্ৰ সন্থাৰ উদ্যোগত লুৰিণজ্যোতি গগৈক বিদায় সম্ভাষণ

ধেমাজিত উপস্থিত হোৱাৰ লগে লগে প্ৰাক্তন আছু নেতা গৰাকীক ধেমাজি তিনিআলিৰ পৰা গায়নে বায়নে আদৰি আনে ধেমাজি জিলা আছু কাৰ্যালয়ৰ শ্বহীদ উদ্যানলৈ ৷ শ্বহীদ উদ্যানত বন্তি প্ৰজ্বলন কৰি সেৱা লোৱাৰ পিছত পুনৰ সমদলৰ মাজেৰে ধেমাজি কাছাৰী ময়দানৰ বিদায় অনুষ্ঠানলৈ আদৰি নিয়ে ৷

ধন আত্মসাতৰ অভিযোগত বিজনীত আৰক্ষীৰ মাজতে সংঘাত

বিটিচি নিৰ্বাচনৰ বাবে গৃহৰক্ষী জোৱানক ৮০০ আৰু অসম আৰক্ষীৰ জোৱান সকলক ১৫০০ টকা মাননী দিছে বাক্সা জিলাত। কিন্তু একেখিনি লোকক চিৰাঙত আহি ৬০০ আৰু ৮০০ টকা দিছে । সেয়ে আৰক্ষীয়ে আৰক্ষীয়েই আৰক্ষীৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে জোৱান সকলে ৷

PM-WANI আঁচনিয়ে ৱাই-ফাইৰ উপলব্ধতা উচ্চ হাৰত বৃদ্ধি কৰিব : প্ৰধানমন্ত্ৰী মোদী

বৃহস্পতিবাৰে কেবিনেটে পিএম-ৱানি (Wi-Fi Access Network Interface) আঁচনিৰ বাবে অনুমোদন প্ৰদান কৰিব ৷ এই আঁচনিখনে প্ৰযুক্তিৰে বিশ্বক সংশোধন কৰিব আৰু দেশজুৰি ৱাই-ফাইৰ উপলব্ধতা উচ্চ হাৰত বৃদ্ধি কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানিবলৈ দিয়ে ৷

নগাঁও জিলাৰ আয়ুসৰেখা স্বৰূপ কলং সূঁতিত অবৈধ খনন

জিলা খনৰ চামগুৰিৰ বৰমাবিল গাঁৱৰ সমীপৰ এটা এলেকাত এজন ঠিকাদাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত কলংৰ মাটি খন্দাক কেন্দ্ৰ কৰি সম্প্ৰতিৰ ক্ষোভিত হৈ পৰে একাংশ স্থানীয় ৰাইজ । ঠিকাদাৰে জেচিবি, ট্ৰেক্টৰ আদিৰে অবৈধভাৱে মাটি খান্দি সেই মাটি ন্যূনতম ৫০০ টকা মূল্যৰ বিনিময়ত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ স্থানীয় ৰাইজে ।

প্ৰসংগ NRC: বিদেশী লোকৰ নাম অন্তভুৰ্ক্ত হোৱাৰ কথা স্বীকাৰ কৰিলে কৰ্তৃপক্ষই

বিদেশী লোকক চিনাক্ত কৰিবৰ বাবে প্ৰস্তুত কৰা এন আৰ চি সন্দৰ্ভত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ কথা নাগৰিক পঞ্জী কৰ্তৃপক্ষই শপতনামা যোগে গুৱাহাটী উচ্চ ন্যায়ালয়ত স্বীকাৰ ।

উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য খণ্ডত সংযোজিত হ'ল মাতৃদুগ্ধ বেংক

মাতৃদুগ্ধ সংৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যেৰে ৰ'টাৰী ক্লাবে গুৱাহাটীৰ ছাত্ৰীবাৰী খ্ৰীষ্টিয়ান হাস্পতালত স্থাপন কৰিলে মাতৃদুগ্ধ বেংক ৷ উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য খণ্ডত সংযোজিত এইটোৱেই হ'ল প্ৰথমটো মাতৃদুগ্ধ বেংক ৷ মাতৃদুগ্ধৰ অভাৱত বহু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস উদ্দেশ্যেৰে ৰ'টাৰী ক্লাবে হাতত লৈছে এই বিশেষ পদক্ষেপ ৷

SI পৰীক্ষা কেলেংকাৰীৰ অভিযুক্ত সৰোজ শৰ্মাৰ জামিন আবেদন নাকচ

কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মঙলবাৰে নাকচ কৰে SI পৰীক্ষা কেলেংকাৰীৰ অভিযুক্ত সৰোজ শৰ্মাৰ জামিন আবেদন । একেদৰে পৰীক্ষা কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড কুমাৰ সঞ্জীত কৃষ্ণ আৰু দ্বিবন ডেকাৰো জামিন আবেদন নাকচ হয় । সম্প্ৰতি আটাইকেইগৰাকী অভিযুক্ত বৰ্তমান ন্যায়িক জিম্মাত আছে ।

ABOUT THE AUTHOR

...view details