অসম

assam

By

Published : Apr 21, 2021, 5:05 PM IST

ETV Bharat / state

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

top-10-at-5-pm
সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

কাজিৰঙাত পুনৰ গড় হত্যা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শিল খুন্দা বিলৰ সমীপত এটা মৃত গঁড় উদ্ধাৰ কৰে ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই । মৃত গড়টোৰ কাষত ৩০৩ ৰাইফলৰ খালি কাৰ্টিজ উদ্ধাৰ ৷

জীৱনদায়িনী "ৰেমডেচিভিৰ" ৰ দাম কমিল

সংকটজনক ক'ভিড আক্ৰান্ত ৰোগীক দিয়া "ৰেমডিচিভিৰ" বেজীৰ বজাৰ মূল্য হ্ৰাস কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত "ৰেমডেচিভিৰ" উৎপাদন কৰা ঔষধ নিৰ্মাতা কোম্পানীসমূহে এই বেজীৰ মূল্য হ্ৰাস কৰিবলৈ বাধ্য হৈছে ।

ডিফুত পথ দুৰ্ঘটনাত নিহত ৩ জন

কাৰ্বি আংলং জিলাৰ ডিফুত শোকাৱহ পথ দুৰ্ঘটনা ৷ ডিফু-মাঞ্জা পথৰ বিৰলাৰ ওচৰত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাৰ ফলত নিহত হৈছে তিনিজন লোক ৷

অপহৃত ৰিতুল শইকীয়াৰ অপহৰণ সন্দৰ্ভত কি ক’লে আত্মীয়ই ?

লাকুৱাস্থিত অ’এনজিচিৰ তিনিগৰাকীকৈ বিষয়াক অপহৰণ কৰা ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত ৷ ইয়াৰে ভিতৰত ৰিতুল শইকীয়াৰ ঘৰ যোৰহাট জিলাৰ তিতাবৰৰ বৰহোলা নাঙল গাঁৱত । ৰিতুল শইকীয়াৰ অপহৰণৰ খবৰ আহি পোৱাৰ লগে লগে এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গৰ লগতে আত্মীয়-স্বজন । শুনক কি কয় অপহৃত বিষয়াগৰাকীৰ আত্মীয়ই...

ডিব্ৰুগড়ত জুবিনৰ অনুষ্ঠানসহ কেন্দ্ৰীয় ৰঙালী বিহু বাতিল

ডিব্ৰুগড়ত নৱ প্ৰজন্মৰ হার্টথ্রুব জুবিন গাৰ্গৰ সংগীতানুষ্ঠান সহ কেন্দ্ৰীয় ৰঙালী উৎসৱ বাতিল । ডিব্ৰুগড়ত ব্যাপক হাৰত ক'ভিড-১৯ পজিটিভৰ সংখ্যা বৃদ্ধি। প্ৰথম দিনাৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পাচত ঐতিহ্য থকা কেন্দ্রীয় ৰঙালী উৎসৱৰ শেষৰ দুদিনৰ কাৰ্যসূচী বাতিল।

বহিৰাগত কোম্পানীৰ ৰামঠগন মাজুলীৰ কৃষকক

উৎপাদিত ফচলক লৈ এতিয়া হাহাকাৰ কৰিছে মাজুলীৰ এজন কৃষকে ৷ উৎকল টিউবাৰ্ছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীয়ে কৃষক অতুল কলিতাৰ উৎপাদিত আলু ক্ৰয় কৰাৰ আশ্বাস দি ক্ৰয় নকৰাত বিপাঙত পৰিছে ৷

ধোনীৰ পিতৃ-মাতৃ কৰ'ণাত আক্ৰান্ত

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ পিতৃ-মাতৃ কৰ'ণাত আক্ৰান্ত হৈছে । দুয়োগৰাকীকে ৰাঁচীৰ পালচ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

ত্ৰিপুৰাত দিনজোৰা অনশনত বহিল অ'এনজিচি কৰ্মী

আঠটা দাবী লৈ ত্ৰিপুৰাত অ'এনজিচি কৰ্মীৰ দিনজোৰা অনশন ৷ চি-অফ (C-off) প্ৰদান, এন ই স্থানান্তৰ (NE transfers), টি.এ. ব্যয় সংশোধন ইত্যাদি বিভিন্ন বিষয় লৈ এছ'চিয়েশ্যন অৱ চাইণ্টিফিক এণ্ড টেকনিকেল অফিচাৰ (এএছটিঅ') ৰ বেনাৰত প্ৰতিবাদত বহিল অ'এনজিচি ৰ কৰ্মচাৰী সকল ৷

অতি সংকটজনক অৱস্থাত চিকিৎসাধীন কণ্ঠশিল্পী ভিতালী দাস

ক'ভিড-19 ত আক্ৰান্ত হৈ অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাস ৷ গুৱাহাটীৰ কালাপাহাৰস্থিত ক'ভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কন্ঠশিল্পী গৰাকী ৷

বিশ্বৰ 5 খন সৰ্বাধিক কৰ’ণা আক্ৰান্ত দেশ

বৰ্তমান কৰ'ণাৰ সংক্ৰমণ সৰ্বাধিক হোৱা দেশসমূহৰ তালিকাত দ্বিতীয় স্থানত আছে ভাৰত । ব্ৰাজিল, ৰাছিয়া, ইটালী আৰু ইংলেণ্ডতকৈও ভাৰতত অধিক লোক আক্ৰান্ত হৈছে মহামাৰীত । ১৫.৬ নিযুতৰো অধিক লোক মহামাৰীৰ কবলত পৰিছে । বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত নতুনকৈ ২,৯৫,০৪১ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । নতুনকৈ আক্ৰান্ত হোৱা লোকসহ বৰ্তমানলৈকে দেশত ১,৫৬,১৬,১৩০ জন লোক আক্ৰান্ত হৈছে মহামাৰীত ।

ABOUT THE AUTHOR

...view details