অসম

assam

ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি...

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Jan 20, 2021, 5:01 PM IST

top 10 at 5  at 5 pm
5 বজাৰ শীৰ্ষ দহটা বাতৰি...

আলফা শিবিৰৰ পৰা অপহৃত অইল কৰ্মচাৰীৰ চৰকাৰলৈ আহ্বান

বন্দীত্ব অৱস্থাৰ পৰাই শিৱসাগৰৰ পৰা অপহৃত কুইপ’ তৈল প্ৰতিষ্ঠানৰ কৰ্মচাৰী দুগৰাকীৰ এটি ভিডিঅ’ প্ৰকাশ পাইছে ৷ য’ত দুয়োগৰাকী কৰ্মচাৰীয়ে তেওঁলোক মুকলি কৰি নিয়াৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাইছে ৷

নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু

নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু ৷ ন্যায় বিচাৰি পৰিয়াল সহিতে শতাধিক লোকৰ আৰক্ষী থানা ঘেৰাও ৷ এই ৰহস্যজনক মৃত্যুক হত্যাৰ সন্দেহ আৰু শীঘ্ৰে ইয়াৰ তদন্তৰে দোষীক চিনাক্ত কৰি শাস্তিৰ দাবী জনাইছে পৰিয়ালে ৷

ভূমি পট্টা দি নিজৰ ব্যৰ্থতা ঢাকিব খুজিছে চৰকাৰে : লুৰিণ জ্যোতি গগৈ

যােৱা পাঁচ বছৰত কিমান পৰিয়ালে তেওঁলােকৰ আৱণ্টিত মাটি, একচনীয়া পট্টাৰ মাটি আৰু ম্যাদী পট্টাৰ মাটি গৰাখহনীয়াত হেৰুৱালে আৰু তেনে কিমান পৰিয়ালে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ শাসনকালত মাটিৰ আৱণ্টন পট্টা আদি পালে সেয়া জনাবলৈ প্ৰত্যাহ্বান জনাইছে অসম জাতীয় পৰিষদে । অসমৰ কৃষিভূমি খেতি নকৰা মানুহৰ হাতলৈ হস্তান্তৰ নকৰিবলৈ চৰকাৰক দাবী দলটোৰ ৷

গুৱাহাটীত মুখ্য নিৰ্বাচন আয়ুক্তৰ সংবাদ মেল

প্ৰিল মাহৰ ভিতৰত অসমত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ৷ গুৱাহাটীত মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাৰ সংবাদ মেল ৷ 31 মেত অন্ত পৰিব সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকাল ৷ পৰীক্ষা আৰু উৎসৱৰ সময়লৈ লক্ষ্য ৰাখি ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন বাৰ ৷

চেন্নাইত মৃত্যু কৰ্মৰত অসমীয়া যুৱকৰ

চেন্নাইৰ জিকে ৰেষ্টুৰেণ্টত কৰ্মৰত আছিল টুনীৰাম দাস(২৫) নামৰ নাৰায়ণপুৰ আউনীবড়ী গাঁৱৰ যুৱকজন ৷ তাৰ মাজতে মঙলবাৰে নিশা হঠাৎ পৰিয়ালৰ লোকক আত্মহত্যা কৰা বুলি জনায় কৰ্মৰত কোম্পানীৰ কৰ্তৃপক্ষই ৷

ৰূপহীহাটৰ তিনিচুকীয়াৰ এখন ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা

মাত্ৰ কেইবছৰ মানৰ পূৰ্বে কেইবালাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা ৰূপহীহাটৰ তিনিচুকীয়াৰ এখন পশু চিকিৎসালয় পৰিণত হৈছে গৰুৰ গোহালিলৈ ৷ চিকিৎসালয়খনৰ কাৰ্যালয় আৰু আবাসগৃহ সমূহ জহি খহি যোৱাৰ লগতে হাবি জংঘলেৰে ভৰি পৰি ভূত বাংলাত পৰিণত হোৱাত চৰকাৰ কিম্বা জনপ্ৰতিধিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে ৷

ভাৰতে ভূটানলৈ উপহাৰ হিচাপে দিলে 1.5 লাখ ক’ভিডছিল্ড

ভাৰতৰ পৰা উপহাৰ হিচাপে প্ৰথমবাৰলৈ COVID-19 ভেকছিন ক’ভিডছিল্ডৰ 1.5 লাখ প্ৰতিষেধক মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ভূটানৰ থিম্ফুলৈ প্ৰেৰণ কৰিছে ৷

আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ

আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ ইতিহাস ৰচনা কৰা ভাৰতীয় মূলৰ কমলা হেৰিছে বুধবাৰে শপত গ্ৰহণ কৰিব ।

বৰপেটাত আৰক্ষীৰ ছত্ৰছায়াত জুৱা খেল চলি থকাৰ অভিযোগ

বৰপেটা জিলাৰ দংৰাত সাংস্কৃতিক সমাৰোহৰ গইনা লৈ একাংশ দুষ্টচক্ৰৰ লোকে জুৱাৰ মুকলি বেহা চলাই থকাৰ অভিযোগ ৷ "দংৰা ৰুৰেল ডেভেলপমেণ্ট ছ‘চাইটি" নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ উদ্যোগত আয়োজন কৰা হৈছিল সাংস্কৃতিক সমাৰোহৰ ৷

বাইডেনৰ ৰাষ্ট্ৰপতি কাল কেনেকুৱা হ’ব?

স্তব্ধ আৰু ওলোটা, পুনৰুত্থাপন আৰু বৃদ্ধি; এইকেইটা নীতি আমেৰিকাৰ নতুন প্ৰশাসনত পৰিলক্ষিত হোৱাৰ সম্ভাৱনা আছে ৷ জ’ বাইডেন, আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে আজি শপতগ্ৰহণ কৰিব আৰু তেওঁ এনেকুৱা এটা সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ কৰিব যিটো সময়ত সমগ্ৰ বিশ্বই কোভিড মহামাৰীৰ লগতে আমেৰিকাই পৰিৱেশ আৰু শিক্ষাখণ্ডত বহুটো সমস্যাৰ সন্মুখীন হৈছে ৷ যি সময়ত ট্ৰাম্পে Affordable Care Act ধ্বংস কৰিব বিচাৰিছে, সেই সময়ত বাইডেনে অধিক পৰিমানে ৰাইজৰ ওচৰলৈ গৈ “Obamacare” নীতি বহল কৰিব বিচাৰিছে ৷

ABOUT THE AUTHOR

...view details