Govt to repeal all three farm laws : দেশবাসীক সম্বোধন কৰি ঘোষণা প্ৰধানমন্ত্ৰীৰ
শুকুৰবাৰে গুৰু নানকৰ জন্মজয়ন্তী উপলক্ষে দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ দেশবাসীক সম্বোধন কৰি তিনিওখন কৃষি আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে ৷ চাওক ভিডিঅ’...
Bridge to Majuli : নৱেম্বৰৰ শেহত পুতিব খুঁটা, চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব মাজুলীলৈ দলং নিৰ্মাণ
দুদিনয়া কাৰ্যসূচীৰে মাজুলী লৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমাই বৃহস্পতিবাৰে সন্ধিয়া যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ স্থলী পৰিদৰ্শন কৰে । দলঙৰ নিৰ্মাণ স্থলী পৰিদৰ্শন কৰি দলং নিৰ্মাণ সংস্থাৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ৰাস মহোৎসৱৰ মাজতে মাজুলীবাসীক সুখী কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম ৷ অহা চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব মাজুলীবাসীৰ সপোনৰ দলংখন । ইফালে যোৰহাট-মাজুলী দলং নিৰ্মাণস্থলী পৰিদৰ্শন কৰি ৩০ নৱেম্বৰত দলঙৰ প্ৰথমটো খুঁটা পোতাৰ লগতে দুই এদিনৰ ভিতৰতে ভূমি অধিগ্ৰহণৰ বাবে প্ৰয়োজনীয় ধন মুকলি কৰি দিব বুলি ঘোষণা কৰে মুখ্যমন্ত্রী গৰাকীয়ে ।
ৰাস পূৰ্ণিমা: ৰাজ্যৰ ক’ত, কেনেকৈ উদযাপন কৰা হৈছে ৰাসোৎসৱ ?
আজি ৰাস পূৰ্ণিমা ৷ ক’ভিড মহামাৰীৰ ভয়বহতাৰ মাজতো চৰকাৰী নীতি-নিৰ্দেশনা মানি ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাস মহোৎসৱ ৷ ক’ত, কেনেদৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়া ? সৱিশেষ এই বিশেষ প্ৰতিবেদনত...
Containment zone হিচাপে ঘোষণা Sainik School Goalpara ক
ৰাজ্যৰ বিদ্যালয়ে বিদ্যালয়ে এতিয়া ক’ভিডৰ সংক্ৰমণ । এইবাৰ গোৱালপাৰা সৈনিক স্কুলৰ ছাত্র আৰু শিক্ষক আক্ৰান্ত হল ক’ভিডত ।
কিয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে চাৰি শতাধিক বিদ্যালয় সম্পূৰ্ণকৈ বন্ধ কৰাৰ কথা ?
400 খন বিদ্যালয় বন্ধ কৰি দিছে অৰুণাচল প্ৰদেশে ৷ কি উদ্দেশ্য লৈ লোৱা হ’ল এই সিদ্ধান্ত জনালে খোদ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷