অসম

assam

ETV Bharat / state

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Mar 2, 2021, 11:01 AM IST

গামোচা উৎপাদনৰ বিশেষ পদক্ষেপ আছুৰ

ৰাজ্যৰ বজাৰত বহিৰাগত গামোচাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে থলুৱা শিপিনীসকলক উপাৰ্জনৰ পথ মুকলি কৰি দিয়াৰ বাবে কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাই ২০১৭ চনত আৰম্ভ কৰিছিল থলুৱা গামোচা উৎপাদনৰ আঁচনি ।

বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

বাঁহীৰ সুৰেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা প্ৰভাত শৰ্মা আৰু নাই ৷ অন্ত পৰিল এটা প্ৰভাতী সুৰৰ যুগৰ ৷ মঙলবাৰে পুৱা প্ৰায় 6 বজাত শেষ নিশ্বাস ত্যাগ কৰে বাঁহীৰ সুৰেৰে ঝংকাৰ তোলা শিল্পী গৰাকীয়ে ৷ বয়সৰ দোহাই দি শাৰীৰিক অসুস্থতাত ভুগি থকা শিল্পীগৰাকী মঙলবাৰে পুৱা মহানগৰীস্থিত অম্বিকাগিৰি নগৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৷ 85 বছৰ বয়সত দেহাৱসান ঘটে শিল্পী গৰাকীৰ ৷ প্ৰয়াত শৰ্মা গায়িকা তৰালি শৰ্মাৰ পিতৃ ৷

খহি পৰা ভেটি সবল কৰিবলৈ অসমত উপস্থিত প্ৰিয়ংকা গান্ধী ৱাদ্ৰা

কংগ্ৰেছৰ খহি যোৱা ভেটি পুনৰুদ্ধাৰ তথা সবল আৰু সুদৃঢ় কৰিবলৈকে খুদ নিজেই অসমৰ মাটিত ভৰি দিলেহি কংগ্ৰেছৰ কেম্পেইন ষ্টাৰ সাংসদ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ৷ দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা প্ৰিয়ংকা গান্ধী ৱাদ্ৰায়ে সোমবাৰে লখিমপুৰত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মঙলবাৰে বিশ্বনাথ আৰু তেজপুৰত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷

নিৰ্বাচনক লৈ সাজু ধেমাজি জিলা প্ৰশাসন

১১৩ নং ধেমাজি (অনুসূচিত জনজাতি) সমষ্টিত এইবাৰ শেহতীয়া তথ্য অনুসৰি মুঠ ২,৪৭,২০৭ ভোটাৰৰ ১,২৪,৬৬৪ জন পুৰুষ আৰু ১,২২,৫৪৩ জন মহিলা ভোটাৰ । সমষ্টিটোত এইবাৰ ৫ টা জ'ন আৰু ৩০ টা ছেক্টৰত মুঠ ৩৫৬ টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰা হৈছে । কভিড প্ৰট'কল অনুসৰি, এটা ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক ১,০০০ জন ভোটাৰহে ৰখা হৈছে ।

মঙলবাৰে দিল্লীত অগপ-বিজেপিৰ বৈঠক

সোমবাৰে ৰণজিৎ দাসৰ ঘৰত বৰফ নগলিল ! মঙলবাৰে দিল্লীত অগপ-বিজেপিৰ আসনকেন্দ্ৰিক বৈঠক ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা সমন্বিতে দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আসনৰ ভাগ-বটোৱাৰাৰ বিষয়টোক লৈ পুনৰ আলোচনাত মিলিত হ’ব অগপ নেতৃত্ব । ৫ মাৰ্চৰ ভিতৰত অগপ আৰু বিজেপিয়ে ঘোষণা কৰিব প্ৰথমখন প্ৰাৰ্থী তালিকা ।

গ্ৰামোন্নয়ন বিভাগৰ বিজ্ঞাপনৰ নামত কোটি টকাৰ লুন্ঠনৰ অভিযোগ

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ ৷ এনে সময়তে বিজেপি চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিজ্ঞাপনৰ নামত কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷

মৰাণত বিজেপি কৰ্মীৰ "চক্ৰ হটাও মৰাণ বচাও" প্ৰতিবাদ

বিজেপি বিধায়ক চক্ৰধৰ গগৈৰ প্ৰাৰ্থীত্বৰ বিৰোধিতাৰে মৰাণত বিজেপি কৰ্মীৰ মুকলি প্ৰতিবাদ ৷ মৰাণ সমষ্টিৰ বিজেপি বিধায়ক চক্ৰধৰ গগৈক পুনৰ প্ৰাৰ্থীত্ব প্ৰদান নকৰিবলৈ দাবী জনাই সোমবাৰে ৰাজপথলৈ ওলাই আহিল দলীয় কৰ্মকৰ্তা ৷ বিধায়কজনৰ বিৰুদ্ধে সীমাহীন দূৰ্নীতি, স্বজন-তোষণৰ অভিযোগত সোমবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুটোহাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দলীয় কৰ্মীসকলে ৷

চৰকাৰক ধন্যবাদ জ্ঞাপন এছ আই পৰীক্ষাত উত্তীৰ্ণৰ

সদ্যঘোষিত অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ বাচনি পৰীক্ষাত জিলিকিল ডুমডুমাৰ মানখোৱা চাহ বাগিচাৰ যুৱক কৈলাশ কৰ্মকাৰ ৷ কৰ্মকাৰৰ লগতে পিতৃ-মাতৃকো সোমবাৰে ৰাজহুৱাভাৱে চাহ জনজাতি ছাত্ৰ সন্থা আৰু মানখোৱা চাহ বাগিচাৰ শ্ৰমিকসকলে জনাই সম্বৰ্ধনা ৷

অসমত আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ ক'ভিড প্ৰতিষেধক

চৰকাৰী হাস্পতালত সাজু বিনামূলীয়া প্ৰতিষেধক । ব্যক্তিগত হাস্পতালত প্ৰতিটো পালিৰ দাম ২৫০ টকা । ৬০ বছৰৰ উৰ্ধৰ সকলো জ্যেষ্ঠ নাগৰিককে চৰকাৰে বিনামূলীয়া ক'ভিড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে ।

চৰকাৰক ধন্যবাদ জ্ঞাপন এছ আই পৰীক্ষাত উত্তীৰ্ণৰ

সদ্যঘোষিত অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ বাচনি পৰীক্ষাত জিলিকিল ডুমডুমাৰ মানখোৱা চাহ বাগিচাৰ যুৱক কৈলাশ কৰ্মকাৰ ৷ কৰ্মকাৰৰ লগতে পিতৃ-মাতৃকো সোমবাৰে ৰাজহুৱাভাৱে চাহ জনজাতি ছাত্ৰ সন্থা আৰু মানখোৱা চাহ বাগিচাৰ শ্ৰমিকসকলে জনাই সম্বৰ্ধনা ৷

ABOUT THE AUTHOR

...view details