অসম

assam

By

Published : May 12, 2021, 1:00 PM IST

ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ বাতৰি

1 বজাৰ দহটা শীৰ্ষ বাতৰি

1 বজাৰ দহটা শীৰ্ষ বাতৰি
1 বজাৰ দহটা শীৰ্ষ বাতৰি

জীৱন নাটৰ যৱনিকা পৰিল প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ

প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ দেহাৱসান ৷ দিছপুৰস্থিত জি এন আৰ চি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল হোমেন বৰগোহাঞি ৷

ৰাষ্ট্ৰীয় মৰ্যাদাৰে হ’ব হোমেন বৰগোহাঞিৰ অন্ত্যেষ্টিক্ৰিয়া

ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সমাপন কৰা হ’ব প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ ৷ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব সাহিত্যিক গৰাকীৰ ৷

হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্তৰ

প্ৰসিদ্ধ সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ তেওঁৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহুকেইগৰাকী ৰাজনৈতিক নেতাই গভীৰ শোক প্ৰকাশ কৰে ৷

হোমেন বৰগোহাঞিৰ মৃত্যুত আলফা(স্বা)ৰ শোক প্ৰকাশ

বিশিষ্ট লেখক,সাহিত্যিক,গল্পকাৰ,চিন্তাবিদ,সাংবাদিক, কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞি দেৱৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম (স্বা)য়ে ৷

এনএচচিএন(আইএম)ৰ দুধৰ্ষ কেডাৰ আনং চিংফৌক আটক

এনএছচিএন(আইএম)ৰ দুৰ্ধৰ্ষ কেডাৰ আনং চিংফৌ ওৰফে নংপিয়নক আটক ৷ 19 নং আছাম ৰাইফলছ আৰু নামপুং আৰক্ষীৰ এটা দলে আটক কৰে কেডাৰজনক ৷ অস্ত্ৰশস্ত্ৰসহ কেতবোৰ নথি-পত্ৰ জব্দ ৷

হোমেন বৰগোহাঞিৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য

হোমেন বৰগোহাঞিৰ মৃত্যুত সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ । বৰগোহাঞিৰ মৃত্যুত পুত্ৰ অনিন্দ্ৰ বৰগোহাঁই, বিশিষ্ট শিক্ষাবিদ অমৰজ্যোতি চৌধুৰী আৰু বিশিষ্ট শিল্পী-চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে ব্যক্ত কৰে নিজ প্ৰতিক্ৰিয়া ।

বিকলাৱস্থাত খোৱাঙৰ এটি জলসিঞ্চন উত্তোলন কেন্দ্ৰ

খোৱাঙৰ বৰবিল বঙালী গাঁৱৰ জলসিঞ্চন উত্তোলন কেন্দ্ৰ বিকলাৱস্থাত ৷ পথাৰত কৃষকে পানী নোপোৱাৰ ফলত পথাৰত মেলিছে চিৰাল ফাঁট । কৃষক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি ৷

মুৰ্কংচেলেকৰ এটি পথে দুৰ্ভোগ ভুগাইছে স্থানীয় ৰাইজক

দীৰ্ঘদিনৰ পৰা জোনাইৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মুৰ্কংচেলেক ৰে’লৱে ষ্টেচনলৈ যোৱা অতিকৈ ব্যস্ত পথটোত পেলোৱা ভঙা-ছিঙা পেলনীয়া সামগ্ৰীয়ে দুৰ্ভোগ ভোগাইছে স্থানীয় ৰাইজক ৷ স্থানীয় মহকুমা প্রশাসনৰ পৰা কোনোধৰণৰ অনুমতি নোলোৱাকৈ শ্যামল চৰকাৰ নামৰ এগৰাকী কাৱাৰী ব্যৱসায়ীয়ে এই কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ উদ্যোগত মাস্ক চেনিটাইজাৰ বিতৰণ

বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ উদ্যোগত শান্তিজান বজাৰৰ সন্মুখৰ পথেৰে অহা-যোৱা কৰা পথচাৰী সকলৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত বিনামূলীয়া মাস্ক আৰু চেনিটাইজাৰ বিতৰণ ।

নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীলৈ 17 দফিয়া স্মাৰক পত্ৰ প্ৰেৰণ

ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ শুভেচ্ছা বাণী আৰু বিভিন্ন দাবী সম্বলিত 17 দফিয়া এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিয়ে ৷

ABOUT THE AUTHOR

...view details