অসম

assam

By

Published : Jul 31, 2023, 6:10 PM IST

ETV Bharat / state

Training in pistol riding controversy: অস্ত্ৰ প্ৰশিক্ষণে আইন শৃংখলাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব :ৰিপুন বৰা

মঙলদৈত বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰিপুন বৰাৰ । বিজেপিয়ে অসমত মণিপুৰ সদৃশ পৰিস্থিতি সৃষ্টি কৰাৰ চেষ্টা কৰিছে বুলি মন্তব্য় অসম তৃণমূল কংগ্ৰেছৰ সভাপতিৰ ।

Bajrang Arms training in Assam
বজৰং দলৰ মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ

বজৰং দলৰ মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ

গুৱাহাটী, ৩১ জুলাই:মঙলদৈত শেহতীয়াকৈ বজৰং দলৰ মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণক লৈ ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ এখন বিদ্যালয় প্ৰাংগনত পিষ্টল চালনাৰ প্ৰশিক্ষণক লৈ আন দল-সংগঠনৰ সমান্তৰালভাৱে সৰৱ হৈছে অসম তৃণমূল কংগ্ৰেছ । সোমবাৰে এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।

মঙলদৈত মুকলিকৈ বজৰং দলৰ মাৰণাস্ত্ৰ প্ৰশিক্ষণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়," বিজেপি দলে অসমক অশান্ত কৰাৰ প্ৰচেষ্টা কৰিছে ‌। অসমত মণিপুৰ সদৃশ পৰিস্থিতি সৃষ্টি কৰাৰ চেষ্টা কৰিছে ।" আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন কৰি গৃহ বিভাগে আৰক্ষী সবলীকৰণ কৰিব বিচাৰিছে বুলি মন্তব্য় কৰি তেওঁ ইয়াৰ পিচতো আৰক্ষীৰ নাকৰ তলতেই কিদৰে মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ চলিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে ।

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই পুনৰ কয় যে হিন্দু ৰাষ্ট্ৰ বনোৱাৰ স্বাৰ্থত প্ৰয়োজন হ'লে মানুহ মাৰিম বুলি মন্তব্য কৰিছে বজৰং দলে । সামৰিক, অৰ্ধ সামৰিক তথা আৰক্ষী বাহিনীৰ বাহিৰে অইন কাকো মাৰণাস্ত্ৰ প্ৰশিক্ষণ দিয়া কাৰ্যৰ সংবিধানত কোনো স্থান নাই । ইয়াৰ পিচতো কেনেদৰে প্ৰশিক্ষণ দিয়া হৈছে বুলি উল্লেখ কৰি ক্ষোভ প্ৰকাশ কৰে ।

তেওঁ পুনৰ কয় যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত এটা শব্দ লিখিলেও ২৪ ঘণ্টাৰ বিৰুদ্ধে গ্ৰেপ্তাৰ কৰে । কিন্তু মঙলদৈত মুকলিকৈ চলা অস্ত্ৰ প্ৰশিক্ষণ কাৰ্যৰ বিৰুদ্ধে কিয় কোনো ব্যবস্থা লোৱা নাই বুলিও প্ৰশ্ন কৰে সভাপতিগৰাকীয়ে । আনহাতে, এনকাউণ্টৰ কৰিবলৈ নিৰ্দেশ দিয়া মুখ্যমন্ত্ৰীৰ আজি এনে কাৰ্যৰ বিৰোধিতা কৰিবলৈ সাহস নাই বুলি মন্তব্য় কৰি তেওঁ কয়,"এই প্ৰশিক্ষণে সাম্প্ৰদায়িক অশান্তিৰ লগতে আইন শৃংখলাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব ।"

তেওঁ ন্যায়ৰক্ষা কৰি শীঘ্ৰে বিহীত ব্যবস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় । প্ৰশিক্ষণৰ দায়িত্বত থকা বজৰং দলৰ সদস্যসকলৰ লগতে এনে প্ৰশিক্ষণৰ বাবে অনুমতি দিয়া আৰক্ষী বিষয়াৰ ওপৰটো উচিত তদন্ত বিচাৰিছে অসম তৃণমূল কংগ্ৰেছে । যদিহে আত্মৰক্ষাৰ বাবে অস্ত্ৰ তুলি লৈছে তেনেহলে আত্মৰক্ষাৰ স্বাৰ্থত সকলোকে অস্ত্ৰ শস্ত্ৰ প্ৰদান কৰিব লাগে বুলি তেওঁ কয়। ২০২৪ ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অশান্ত পৰিবেশ সৃষ্টিৰ বাবে বিজেপি দলে বজৰং দলৰ জৰিয়তে এনে পদক্ষেপ লৈছে বুলি মন্তব্য় কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক:Training in pistol riding: মঙলদৈত বজৰং দলৰ কৰ্মীক বন্দুক চালনাৰ চাৰিদিনীয়া প্ৰশিক্ষণ

For All Latest Updates

ABOUT THE AUTHOR

...view details