গুৱাহাটী, ৭ মাৰ্চ : আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী প্ৰদানক লৈ বৰ্তমান তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ ৷ বিজেপি কংগ্ৰেছকে ধৰি বিভিন্ন আঞ্চলিক ৰাজনৈতিক দলসমূহে ঘোষণা কৰিছে প্ৰাৰ্থীত্ব তালিকা ৷ পিছ পৰি ৰোৱা নাই তৃণমূল কংগ্ৰেছো ৷ দেওবাৰে দলটোৱে ঘোষণা কৰে অসম বিধানসভাৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা । গুৱাহাটীৰ লালগণেস্থিত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত দলটোৰ ৰাজ্যিক সভাপতি গোপী নাথ দাসে প্ৰাৰ্থী তালিকাখন প্ৰকাশ কৰে ।
তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ নহয় তৃণমূল কংগ্ৰেছ । দ্বিতীয় পৰ্যায়ত ৬ টা আৰু তৃতীয় পৰ্যায়ত ১০ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব দলটোৱে ।
সভাপতি গোপী নাথ দাসে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকা অনুসৰি সমাগত বিধানসভা নিৰ্বাচনত ১৬ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব তৃণমূল কংগ্ৰেছে । অৱশ্যে দাসে উল্লেখ কৰা অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ নহয় তৃণমূল কংগ্ৰেছ । দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতহে অৱতীৰ্ণ হ'ব দলটো । দ্বিতীয় পৰ্যায়ত ৬ টা আৰু তৃতীয় পৰ্যায়ত ১০ টা সমষ্টিত দলটোৱে প্ৰতিদ্বন্দিতা কৰিব । তৃণমূল কংগ্ৰেছে প্ৰকাশ কৰা অনুসৰি, হাইলাকান্দিত ছফিক কমল বৰলস্কৰ, সোণাইত এম শান্তি কুমাৰ সিংহ, গোলকগঞ্জত ছহিদুৰ ৰহমান, বিলাসীপাৰা পশ্চিমত আব্দুৰ ৰেজ্জাক শ্বেখ, অভয়াপুৰী উত্তৰত আছৰাফুল ইছলাম, পূব গোৱালপাৰাত শ্বেখ মহম্মদ জিয়াউল হক, পশ্চিম গোৱালপাৰাত নিজাম উদ্দিন, জলেশ্বৰত আবতাবুল আমবিয়া মলাহ, জনিয়াত আব্দুল জলিল তালুকদাৰ, সৰুক্ষেত্ৰীত ছৈয়দ জেহৰুল ইছলাম, চেঙাত আব্দুল গনি, নলবাৰীত গোপী বৰুৱা, দলগাঁৱত এম ডি আব্দুল কাছেম, যমুনামুখত ৰেজৱাৰ আহমেদ, লামডিঙত টুটু আচাৰ্য আৰু বকোত গোপীনাথ দাস প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ তৃণমূল কংগ্ৰেছৰ এইবাৰ নিৰ্বাচনত ভাল ফলাফল হ'ব বুলি সদৰি কৰে সভাপতি গোপী নাথ দাসে ।
লগতে পঢ়ক :একেখন সংবাদমেলত অতুল, প্ৰমোদ, ৰঞ্জিত : কি ক'লে সমষ্টিৰ প্ৰাৰ্থীত্বৰ সন্দৰ্ভত ?