অনুচ্ছেদ 370 সন্দৰ্ভত ৰাজ্যৰ তিনি সাংসদ
যৌথ সংবাদমেলত দিলীপ শইকীয়া, তপন গগৈ আৰু কুইন ওজা ৷ 370 অনুচ্ছেদ বাতিল কৰা বিষয় লৈ মন্তব্য কৰে সাংসদকেইগৰাকীয়ে
গুৱাহাটী, 9 আগষ্ট : জম্মু-কাশ্মীৰৰ 370 অনুচ্ছেদ বাতিল কৰা বিষয় লৈ এক যৌথ সংবাদমেলত ভাগ লয় বিজেপিৰ তিনি সাংসদে ৷ সংবাদমেলত দিলীপ শইকীয়া, তপন গগৈ আৰু কুইন ওজাই অংশ লৈ এতিয়া সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নিৰ্মুল হ’ল বুলি উল্লেখ কৰে ৷ সাংসদ দিলীপ শইকীয়াই অনুচ্ছেদ 370 বাতিলক লৈ মন্তব্য কৰি কয় যে, এই আইন আছিল অতি বৈষম্যমূলক । সুদীৰ্ঘ বছৰে এই বিষয়টো চৰ্চিত হৈ আছিল । পাকিস্তানে তৃতীয় পক্ষৰ দ্বাৰা জম্মু কাশ্মীৰত হস্তক্ষেপ চলোৱাৰ চেষ্টা কৰি আছিল । কিন্তু এতিয়া এই সুযোগ পাকিস্তানক দিয়া নহ'ব । দেশৰ অন্য প্ৰান্তৰ লোকে লাভ কৰা সকলো অধিকাৰ জম্মু কাশ্মীৰৰ লোকে লাভ কৰিব । কেন্দ্ৰৰ এই সিদ্ধান্তৰ পাছত প্ৰায় 7 লাখ কাশ্মীৰী পণ্ডিতৰ মুখত হাঁহি বিৰিঙিছে । প্ৰধানমন্ত্ৰীৰ এই ঐতিহাসিক সিদ্ধান্তৰ জৰিয়তে জম্মু কাশ্মীৰৰ একাংশ লোকৰ দাবী পূৰণ হ'ল । সাংসদ তপন গগৈয়েও এই সন্দৰ্ভত মন্তব্য আগবঢ়ায় কয় যে, এখন বৈষম্যমূলক আইন বাতিল কৰিবলৈ সক্ষম হ'ল মোডী চৰকাৰে । শ্যামা প্ৰসাদ মুখাৰ্জীৰ সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হ'ল নৰেন্দ্ৰ মোদী । লাডাখৰ সাংসদে কোৱাৰ দৰে তাৰ লোকে 72 টা বছৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ দাবী কৰি আহিছিল । সেই সপোন আজি পূৰণ হ'ল । আমি নিজকে ধন্য মানিছো । কিয়নো 33 খন বিল গৃহীত হৈছে লোকসভাত । এই বিল পাছ কৰোঁতে অসমৰ পৰা আটাইবোৰ উপস্থিত থাকিবলৈ চেষ্টা কৰিছিলো । আমাৰ মহিলা সকলক কথা কোৱাৰ সুযোগ দিছিল কয় সাংসদ কুইন ওজা ৷