অসম

assam

ETV Bharat / state

পলাশবাৰী আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰ

পলাশবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা দুৰ্ধৰ্ষ চোৰ ৷ বিগত কিছুদিন ধৰি আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল ভোলা ৰাভা নামৰ চোৰটো ৷

By

Published : Feb 1, 2020, 11:02 PM IST

পলাশবাৰী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ
আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰ

দক্ষিণ কামৰূপ/আজাৰা, 1 ফেব্ৰুৱাৰী : বিগত কেইবাদিন ধৰি বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰা, ৰাণীকে ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত লুট-পাত চলাই অহা এটা দুৰ্ধৰ্ষ চোৰ গ্ৰেপ্তাৰ কৰে পলাশবাৰী আৰক্ষীয়ে ৷ বিভিন্ন ঠাইৰ মন্দিৰৰ লগতে ৰাণীৰ মাণীকপুৰৰ বংশীগোপাল মন্দিৰত চুৰিকাৰ্য চলোৱা ভোলা ৰাভা নামৰ চোৰটোক ৰাণীৰ বাহুপাৰাৰ পৰা আৰক্ষীয়ে আটক কৰে ৷

আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰ

চোৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে গামোছা, বৰতাল, ৰূপৰ মূৰ্তি, কাঁহৰ বাচন-বৰ্তনকে ধৰি বহুতো মন্দিৰৰ সামগ্ৰী ৷ ভোলা ৰাভা নামৰ বকো নলাখাটৰ ধৃত চোৰটো বিগত কিছুদিনৰ পৰা আৰক্ষীৰ মূৰৰ কামোৰণী হৈ পৰিছিল ৷

আৰু পঢ়ক : নগাঁৱত যোগদান কৰিয়েই অপৰাধীৰ বিৰুদ্ধে অভিযান আৰক্ষী অধীক্ষকৰ

ABOUT THE AUTHOR

...view details