অসম

assam

ETV Bharat / state

২১ মে'ত শপত ল’ব নৱ-নিৰ্বাচিত বিধায়কে

পঞ্চদশ অসম বিধানসভাৰ নৱ-নিৰ্বাচিত বিধায়কসকলে 21 মে'ত শপত গ্ৰহণ কৰিব । সেই অধিৱেশনৰ প্ৰথম দিনাই প্ৰটেম' অধ্যক্ষই শপতবাক্য পাঠ কৰাব পঞ্চদশ বিধানসভালৈ নিৰ্বাচিত হৈ অহা সদস্য সকলক ।

By

Published : May 14, 2021, 3:38 PM IST

২১ মে'ত শপত ল’ব নৱ-নিৰ্বাচিত বিধায়কে
২১ মে'ত শপত ল’ব নৱ-নিৰ্বাচিত বিধায়কে

গুৱাহাটী, 14 মে':পঞ্চদশ অসম বিধানসভাৰ নৱ-নিৰ্বাচিত বিধায়কসকলে 21 মে'ত শপত গ্ৰহণ কৰিব । 21 মে'ৰ পৰা মাত্ৰ তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন ।

সেই অধিৱেশনৰ প্ৰথম দিনাই প্ৰটেম' অধ্যক্ষই শপতবাক্য পাঠ কৰাব পঞ্চদশ বিধানসভালৈ নিৰ্বাচিত হৈ অহা সদস্য সকলক । অধিৱেশনৰ দ্বিতীয় দিনা নিৰ্বাচন কৰা হ’ব বিধানসভাৰ স্থায়ী অধ্যক্ষ আৰু উপাধ্যক্ষক ।

বিধানসভাৰ অধ্যক্ষৰ আসনত কোন অধিষ্ঠিত হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও ন-বিজেপি বিধায়ক বিশ্বজিৎ দৈমাৰী, প্ৰাক্তন মন্ত্ৰী ৰঞ্জিৎ দত্ত আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মাজৰে কোনোবা এজনক অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

লগতে পঢ়ক:ভাৰত-বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীৰ মাজত ঈদৰ শুভেচ্ছা বিনিময়

ABOUT THE AUTHOR

...view details