অসম

assam

ETV Bharat / state

শিক্ষামন্ত্ৰীৰ মন্তব্যঃ ক্ষোভিত টেট শিক্ষক - tet teacher

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এক অনুষ্ঠানত টেট শিক্ষক এগৰাকীয়ে টেটৰ প্ৰমাণপত্ৰৰ ম্যাদ উকলাৰ সন্দৰ্ভত মন্ত্ৰী ভট্টাচাৰ্যক ফোনযোগে প্ৰশ্ন কৰাত ড্ৰাইভিং অনুজ্ঞাপত্ৰৰ দৰে টেটৰ প্ৰমাণপত্ৰৰো নৱীকৰণৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছিল ৷

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে টেট শিক্ষকৰ মৌন প্ৰতিবাদ

By

Published : Jun 16, 2019, 11:10 AM IST

গুৱাহাটী, ১৬ জুন :শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই টেট শিক্ষক সন্দৰ্ভত কৰা মন্তব্যৰ পাছতে ক্ষোভিত হৈ পৰিছে টেট শিক্ষকসকল ৷ ছ'চিয়েল মিডিয়াত শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিক্ষকসকল ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এক অনুষ্ঠানত টেট শিক্ষক এগৰাকীয়ে টেটৰ প্ৰমাণপত্ৰৰ ম্যাদ উকলাৰ সন্দৰ্ভত মন্ত্ৰী ভট্টাচাৰ্যক ফোনযোগে প্ৰশ্ন কৰাত ড্ৰাইভিং অনুজ্ঞাপত্ৰৰ দৰে টেটৰ প্ৰমাণপত্ৰৰো নৱীকৰণৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছিল ৷

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে টেট শিক্ষকৰ মৌন প্ৰতিবাদ
টেট শিক্ষকসকলৰ সংগঠনৰ বিষয়ববীয়া সুৰজিৎ ঠাকুৰীয়াই কয় যে শিক্ষকৰ যোগ্যতা নিৰূপণ কৰা এখন চাৰ্টিফিকেটৰ ভিত্তিত যদি 2012 চনত শিক্ষক হোৱাৰ যোগ্যতা আছে তেন্তে 2019 বৰ্ষত কিয় অযোগ্য হৈ পৰিব । লগতে তেওঁ অসমৰ বিভিন্ন প্ৰান্তত টেট শিক্ষক সমাজে বহু সমস্যাৰ মাজেৰে শিক্ষকতা কৰি আহিছে বুলি মন্তব্য কৰি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক টুলুঙা মন্তব্যৰে শিক্ষক সমাজক অপমান নকৰিবলৈ আহ্বান জনায় ।

ABOUT THE AUTHOR

...view details