গুৱাহাটী, 23 জুলাই : ক’ৰণা মহামাৰী নিয়ন্ত্ৰনৰ বাবে প্ৰশাসনে যি নীতি-নিৰ্দেশনা জাৰি কৰিছিল সেই নীতি সমূহ চলি থকাৰ মাজতেই ৰাজ্যৰ বিদ্যালয়সমূহলৈ শিক্ষা বিভাগে জাৰি কৰিছে জাননী । ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত শিক্ষা বিভাগৰ প্ৰধান সচিবে জাৰি কৰিছে নিৰ্দেশনা । সকলো বিদ্যালয়কে বছৰেকীয়া বাছনি পৰীক্ষাৰ লগতে ইউনিট টেষ্ট সময়মতে অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষা বিভাগৰ প্ৰধান সচিবে ।
ইপিনে সময়ত অনুষ্ঠিত কৰিব লাগিব নৱম-দশম শ্ৰেণীৰ অভ্যন্তৰীণ পৰীক্ষা । পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছেবাৰ (SEBA) স্বীকৃতি বাতিল কৰা হ'ব । আনহাতে পৰীক্ষা অনুষ্ঠিত নকৰিলে চৰকাৰী বিদ্যালয়ৰ শিক্ষকে নাপাব দৰমহা । নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পৰীক্ষাৰ সন্দৰ্ভত ইতিমধ্যে কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
কেবিনেটে গঠন কৰিছে এক বিশেষ আভ্যন্তৰীণ মূল্যায়ণ কমিটী । নৱম শ্ৰেণীৰ এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছত অনুষ্ঠিত হ’ব ছমহীয়া পৰীক্ষা । আন এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছত হ’ব বছৰেকীয়া পৰীক্ষা । দশম শ্ৰেণীৰ বাবে থাকিব প্ৰি-ব’ৰ্ড পৰীক্ষা (Pre Board Exam)।