গুৱাহাটী, ২৫ মাৰ্চ :শুকুৰবাৰে যক্ষ্মা নির্মূল অভিযানত (National TB Eradication Campaign) বিশেষ সাফল্য প্ৰদৰ্শন কৰাৰ বাবে বঙাইগাঁও জিলা আৰু কোকৰাঝাৰ জিলাক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় (national awards to Bongaigaon and Kokrajhar Districts) । ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে ‘ৰাষ্ট্ৰীয় যক্ষ্মা নির্মূল কাৰ্যসূচী’ৰ (এনটিইপি) অধীনত ৰাজ্যখনত যক্ষ্মা ৰোগ দূৰীকৰণৰ বাবে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ (ministry of Health and family welfare) প্ৰতিশ্ৰুতিক গুৰুত্ব প্ৰদান কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসমে অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰে ৰাজ্যখনৰ এই দুখন জিলাত যক্ষ্মা ৰোগীৰ সংখ্যা হ্রাস কৰিবলৈ সক্ষম হোৱাৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে ।
উত্তৰ প্ৰদেশৰ বাৰাণসীত অনুষ্ঠিত ‘এক বিশ্ব যক্ষ্মা সন্মিলন’ত (one world TB Summit Varanasi) ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে (PM Nandra Modi) এই বঁটা প্ৰদান কৰে । সন্মিলনত কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী, ডঃ মনসুখ মাণ্ডবিয়া, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ডঃ ভাৰতী প্রবীণ পাৱাৰ, নীতি আয়োগৰ সদস্য (স্বাস্থ্য) ডঃ ভি কে পল, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্রজেশ পাঠক উপস্থিত থাকে ।