অসম

assam

By

Published : May 23, 2020, 5:57 PM IST

ETV Bharat / state

#savedehingpatkai: টুইটাৰযোগে হ'ব ছাত্ৰসমাজৰ আন্দোলন

দিহিং পাটকাই বনাঞ্চলৰ মুক্ত কয়লা খননৰ বিৰুদ্ধে 24 তাৰিখে সন্ধিয়া 7 বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইক' ক্লাৱৰ সহযোগত তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে সাব্যস্ত কৰিব অনলাইন প্ৰতিবাদী কাৰ্যসূচীৰ ।টুইটাৰত #SaveDehingPatkai লিখি সাব্যস্ত কৰিব এই প্ৰতিবাদ ৷

টুইটাৰযোগে ছাত্ৰসমাজৰ অনলাইন আন্দোলন
টুইটাৰযোগে ছাত্ৰসমাজৰ অনলাইন আন্দোলন

গুৱাহাটী, 23 মে’: অব্যাহত আছে দিহিং পাটকাই বনাঞ্চলৰ মুক্ত কয়লা খননৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ আন্দোলন ৷ এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইক' ক্লাৱে হাতত লৈছে আন এক অনলাইন প্ৰতিবাদী কাৰ্যসূচীৰ। দেওবাৰে টুইটাৰযোগে অভিযান আৰম্ভ কৰিব বিশ্ববিদ্যালয় ছাত্ৰসমাজে ।

টুইটাৰযোগে ছাত্ৰসমাজৰ অনলাইন আন্দোলন

উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে এই অভিযানত সহযোগিতা আগবঢ়াব তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে । 24 তাৰিখে সন্ধিয়া 7 বজাত আটাইকেইখন বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে একেসময়তে টুইটাৰত #SaveDehingPatkai লিখি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে ।

টুইটাৰযোগে ছাত্ৰসমাজৰ অনলাইন আন্দোলন

মুলতঃ সামাজিক মাধ্যমৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক মুক্ত কয়লা খননৰ অনুমতি বাতিল কৰাৰ দাবীৰে এই অভিনৱ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইক' ক্লাৱে। কাৰ্যসূচীত সকলো প্ৰকৃতিপ্ৰেমীৰে সহায় বিচাৰিছে ছাত্ৰসমাজে ৷

টুইটাৰযোগে ছাত্ৰসমাজৰ অনলাইন আন্দোলন

উল্লেখযোগ্য যে, দিহিঙৰ বুকুত কয়লা খননৰ অনুমতি বাতিলৰ দাবীৰে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইক' ক্লাৱে।

লগতে পঢ়ক: অসম গৌৰৱ নৱ কুমাৰ ফুকনৰ এভাৰেষ্ট আৰোহণৰ চতুৰ্থ বৰ্ষপূৰ্তি পালন

ABOUT THE AUTHOR

...view details