অসম

assam

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 6:53 PM IST

ETV Bharat / state

গুৱাহাটীত কংগ্ৰেছ সেৱা দলৰ ৰাজ্যিক অভিৱৰ্তন

Assam Pradesh Congress : গুৱাহাটীৰ মাছখোৱাত অসম প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ ৰাজ্যিক অভিৱৰ্তন ৷ কংগ্ৰেছ সেৱা দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ লালজী দেশাই আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙৰ অংশগ্ৰহণ ৷

Assam Pradesh Congress
কংগ্ৰেছ সেৱা দলৰ ৰাজ্যিক অভিৱৰ্তন

অসম প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ ৰাজ্যিক অভিৱৰ্তন

গুৱাহাটী, 8 জানুৱাৰী : অসম প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ ৰাজ্যিক অভিৱৰ্তন সোমবাৰে গুৱাহাটীৰ মাছখোৱাত অনুষ্ঠিত হয় ৷ অভিৱৰ্তনত সভাপতিত্ব কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ সভাপতি দ্বীপ বায়নে ৷ অনুষ্ঠানত কংগ্ৰেছ সেৱা দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ লালজী দেশাই আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিং, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, আব্দুল খালেক, বিধায়ক ৰেকিবুদ্দিন আহমেদ, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ আদি উপস্থিত থাকে ৷

অনুষ্ঠানত ভাষণ দি ভূপেন বৰাই কয় যে কংগ্ৰেছ দলৰ অবিচ্ছেদ্য অংগ হ'ল সেৱা দল ৷ তেওঁ কয় যে অহা 18 জানুৱাৰীত ৰাহুল গান্ধী অসমলৈ ন্যায় যাত্ৰাৰ বাবে আহিব ৷ ৰাহুল গান্ধীয়ে 8 টা দিন অসমত কটাব ৷ ৰাজ্যৰ 17 খন জিলাত এই যাত্ৰা হ'ব বুলি জানিবলৈ দিয়ে ভূপেন বৰাই ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসমৰ বিভিন্ন ঠাইত সেৱা দলৰ কমিটী গঠন কৰাৰ বাবে আহ্বান জনায় ৷ লগতে বুথ কমিটি গঠনতো গুৰুত্ব দিয়ে তেওঁ ৷ এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি আব্দুল খালেকে কয় যে, আৰ এছ এছ আৰু সেৱা দলৰ মাজত পাৰ্থক্য আছে ৷ আৰ এছে এছে বিভেদ আৰু ঘৃণা জন্মায় ৷ আৰ এছে এছে বিজেপি দলক নিয়ন্ত্ৰণ কৰে ৷ কিন্তু সেৱা দল সম্প্ৰীতিৰ বাৰ্তাবাহক বুলি কয় আব্দুল খালেকে ৷

ইফালে এই অনুষ্ঠানত ভাষণ প্ৰসংগত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙে কয় যে, কংগ্ৰেছ যদি শৰীৰ হয় তেন্তে সোৱা দল ইয়াৰ আত্মা হয় ৷ যেনেকৈ আত্মা আৰু শৰীৰ মিলি শ্বাস-প্ৰশ্বাস লয়, জীৱন যাত্ৰা সম্পূৰ্ণ কৰে তেনেকৈ সেৱা দল অবিহনে কংগ্ৰেছৰ যিকোনো যাত্ৰা আধৰুৱা বুলি কয় কংগ্ৰেছ নেত্ৰী গৰাকীয়ে৷

এই অনুষ্ঠানত সাংসদ গৌৰৱ গগৈ, ৰেকিবুদ্দিন আহমেদ আৰু মীৰা বৰঠাকুৰেও বক্তব্য ৰাখে ৷ অভিৱৰ্তন বহু সংখ্যক মহিলা আৰু যুৱতীয়ে অংশগ্ৰহণ লোৱা দেখি সন্তোষ প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

লগতে পঢ়ক :সতীৰ্থক সুৰক্ষা দিব নোৱৰা আৰক্ষীৰ ওচৰত কিমান নিৰাপদ অসমীয়া মানুহ : অখিল গগৈ

ABOUT THE AUTHOR

...view details