গুৱাহাটী, 6 অক্টোবৰ :SI কেলেংকাৰীৰ মূল অভিযুক্ত তথা বিজেপি নেতা দ্বিবন ডেকাক 6 দিনৰ বাবে CID ৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে কামৰূপ জিলা মুখ্য দণ্ডাধীশ আদালতে । 5 দিনৰ ন্যায়িক জিম্মাৰ অন্তত মঙলবাৰে অসম আৰক্ষীৰ অপৰাধ শাখাৰ গোচৰৰ শুনানি গ্ৰহণ কৰে আদালতে ।
আনহাতে,CIDয়ে ৰুজু কৰা 21/20 গোচৰৰ ভিত্তিত মহামান্য আদালতে শুনানি গ্ৰহণ কৰে আৰু CID য়ে 7 দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে 6 দিনৰ বাবে CIDৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।