অসম

assam

By

Published : Mar 13, 2020, 6:43 PM IST

ETV Bharat / state

এছ এফ আইৰ "CAA" বিৰোধী প্ৰতিবাদত প্ৰশাসনৰ বাধা

১৮ আৰু ১৯ মার্চত কা' বাতিল কৰা আৰু ৰাজহুৱা শিক্ষা ৰক্ষাৰ দাবীত অনুষ্ঠিত হ'বলগীয়া ছাত্র সমাৱেশখন অনুষ্ঠিত কৰা হ'ব ৷

এছ এফ আইৰ "CAA" বিৰোধী প্ৰতিবাদ
এছ এফ আইৰ "CAA" বিৰোধী প্ৰতিবাদ

গুৱাহাটী, 13 মাৰ্চ : ভাৰতৰ ছাত্র ফেডাৰেচনৰ অসম ৰাজ্যিক সমিটিৰ সভাপতিয়ে শুকুৰবাৰে এছ এফ আইৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি কয় যে, ৰাজ্য চৰকাৰে বাধা প্ৰদান কৰিলেও ১৮ আৰু ১৯ মার্চত কা' বাতিল কৰা আৰু ৰাজহুৱা শিক্ষা ৰক্ষাৰ দাবীত অনুষ্ঠিত হ'বলগীয়া ছাত্র সমাৱেশখন অনুষ্ঠিত কৰা হ'ব ৷

এছ এফ আইৰ "CAA" বিৰোধী প্ৰতিবাদ

গুৱাহাটী আৰু হাইলাকান্দিত হ'বলগীয়া সমাৱেশত সৰ্বভাৰতীয় সম্পাদক ময়ূখ বিশ্বাস আৰু এছ এফ আইৰ নেত্ৰী তথা জে এন ইউ ছাত্ৰ একতা সভাৰ সভানেত্ৰী ঐশী ঘোষৰ উপস্থিতি সন্দৰ্ভত আৰক্ষীয়ে অনুমতি প্ৰদান কৰা নাই বুলিও সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে সংগঠনটোৰ নেতৃত্বই ৷ আৰক্ষীৰ এই বাধা আচলতে ৰাজ্য চৰকাৰৰ ষড়যন্ত্ৰৰ নিৰ্দেশ বুলি মন্তব্য কৰে সংগঠনটোৱে।

এছ এফ আইৰ "CAA" বিৰোধী প্ৰতিবাদ

এছ এফ আইয়ে ফেচিবাদী আৰ এছ এছ পৰিচালিত চৰকাৰৰ এই বাধাৰ বিৰুদ্ধে সাহসেৰে থিয় দিয়াৰ লগতে জনগণৰ 'কা' বিৰোধী সংগ্ৰামখন তথা ৰাজহুৱা শিক্ষাৰ যুঁজখন আগুৱাই নিবলৈ বদ্ধপৰিকৰ বুলি সংবাদমেলৰ জৰিয়তে মন্তব্য কৰে এছ এফ আইৰ নেতৃত্বই ৷

ABOUT THE AUTHOR

...view details