অসম

assam

By

Published : Mar 8, 2022, 10:02 PM IST

ETV Bharat / state

HSLC Exam 2022: দায়িত্বজ্ঞানহীন SEBA: ভুল স্বীকাৰ কৰিয়েই দায়িত্ব সামৰিলে SEBA ই

কেতিয়াবা যদি গৰুৱে বহি খাই আন কেতিয়াবা আকৌ ফাদিল হয় প্ৰশ্ন কাকত । বিতৰ্কৰ উৰ্দ্ধত থকা SEBA(Board of Secondary Education, Assam) ই এইবাৰৰ নতুন বিতৰ্কৰ পাছতেই পৰীক্ষাৰ্থী-অভিভাৱকৰ ওচৰত ক্ষমা খুজিয়েই সামৰিলে দায়িত্ব ।

responsibility of seba is over in apology
ভুল স্বীকাৰ কৰিয়েই দায়িত্ব সামৰিলে SEBA ই

গুৱাহাটী,০৮ মাৰ্চ:শিক্ষাৰ্থী জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাক লৈ লৰা ধেমালি অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ 'ছেবা'(SEBA) আৰু শিক্ষা বিভাগৰ । হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা(HSLC Exam 2022) বেমেজালি নোহোৱাকৈ অনুষ্ঠিত কৰিব নোৱাৰা ছেবা প্ৰশ্নকাকত কেতিয়াবা যদি ফাদিল হয়, কেতিয়াবা আকৌ উত্তৰবহী গৰুৱে খাই ।

বছৰত মাত্ৰ এটা পৰীক্ষাৰ অনুষ্ঠিত দায়িত্বত থকা মাধ্যমিক শিক্ষা পৰিষদে বিতৰ্ক নোহোৱাকৈ পৰীক্ষাৰ অনুষ্ঠিত কৰা নজিৰ খুবেই কম । এইবাৰ এখোপ আগুৱাই পৰীক্ষালৈ এসপ্তাহ বাকী থকা অৱস্থাত পুৰণি প্রশ্নকাকত আৰু উত্তৰবহী ব্যৱহাৰ কৰা সিদ্ধান্তই অন্য এক বিতৰ্কত সোমাইছে ছেবা(SEBA) । ২০২১-২২ বৰ্ষত পৰীক্ষাত অৱৰ্তীন হব লগা ৪লাখ ৩১হাজাৰ ১৩১ গৰাকী পৰীক্ষাৰ্থী, অভিভাৱকক মানসিক হীনমন্যতাত ৰাখি প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ ৰোধ কৰা সপোন দেখিছে শিক্ষা বিভাগ(Assam Education Department) আৰু ছেবাই(SEBA) ।

HSLC Exam 2022: দায়িত্বজ্ঞানহীন SEBA: ভুল স্বীকাৰ কৰিয়েই দায়িত্ব সামৰিলে SEBA ই

ছেবা'ই পূৰ্ব নিৰ্ধাৰিত পাঠ্যক্ৰম মৰ্মে পৰীক্ষালৈ সাজু হোৱা ছাত্ৰ-ছাত্ৰীসকলক শেষমুহূৰ্তত ২০২০-২১ বর্ষ প্রশ্নকাকত আৰু উত্তৰবহীত পৰীক্ষা অনুষ্ঠিত হব বুলি সোমবাৰে জাননী জাৰি কৰা পাছতে দোমোজাত পৰীক্ষাৰ্থী-অভিভাৱক ।

আনহাতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক চিন্তিত হৈ থকা সময়তে মঙলবাৰে গুৱাহাটী বামুণীমৈদামস্থিত ছেবা(SEBA) কাৰ্যালয়ত বিষয়টো স্পষ্ট কৰা বাবে ছেবা পৰীক্ষা নিয়ন্ত্ৰক আৰু সচিবে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত প্রশ্নকাকত-উত্তৰবহী বিষয়ত বিভাগৰ জাননী জাৰি কৰাত পলম হোৱা কথা স্বীকাৰ কৰি পৰীক্ষাৰ্থী আৰু অভিভাৱকক উদ্দেশ্য কৰি নিজৰ দোষ স্বীকাৰ নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ ।

ইফালে নিয়ন্ত্ৰক গৰাকীয়ে ছেবাৰ জাননী জাৰি কৰাত ভুল স্বীকাৰ কৰিছে যদিও পুৰণি প্ৰশ্নকাকতে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা বিষয়টোত সাংবাদিকে কৰা প্ৰশ্নত সঠিক উত্তৰ দিব নোৱাৰিলে।

পৰীক্ষাৰ্থী-অভিভাৱকক ১০০শতাংশ সু-নিশ্চিত প্ৰদান কৰি নিয়ন্ত্ৰক শৰ্মাই কয়- ৪০শতাংশ পাঠ্যক্ৰম হ্রাস কৰা প্ৰশ্নকাকততে পৰীক্ষা অনুষ্ঠিত হব । নিৰ্ধাৰিত পাঠ্যক্ৰমৰ বাহিৰত কোনো প্ৰশ্ন নাহে । তেওঁ অৱগত কৰাৰ অনুসৰি ২০২০-২১বর্ষত ৩০শতাংশ পাঠ্যক্ৰম সামৰি প্ৰশ্নকাকত যুগুত কৰা কথা জাননী জাৰি কৰা হৈছিল যদিও শেষ মুহূৰ্তত ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ অতিৰিক্ত আৰু ১০ শতাংশ হ্রাস কৰি প্ৰশ্ন কাকত যুগুত কৰা হৈছিল ।

সেই মৰ্মে এইবাৰ ৬০ শতাংশ পাঠ্যক্ৰমত যিসমূহ অন্তৰ্ভুক্ত হৈছে সেই বিষয়সমূহ যোৱা বছৰ প্ৰশ্ন কাকতৰে মিল আছে । গতিকে সম্পূৰ্ন ৬০শতাংশ পাঠ্যক্ৰমৰ পৰাহে ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্ন আহিব । ৰহস্যজনক কথা যোৱা বছৰত আনুষ্ঠানিক ৩০শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা জাননী জাৰি হৈছিল যদিও পুনৰ আৰু ১০শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা জাননী জাৰি হোৱা নাছিল ।তেনে স্থলত কিদৰে ছাত্ৰ-ছাত্ৰী নিশ্চিত হব পাৰিব পৰীক্ষা নিয়ন্ত্ৰক গৰাকী ভাষ্যত।
আনহাতে, ২০২০-২১বৰ্ষত যুগুত কৰা প্ৰশ্নকাকত সমূহ পৰীক্ষা বাতিল হোৱাত ছেবা কাৰ্যালয়ত ৰখা হৈছিল।এখনো প্ৰশ্নকাকত বা উত্তৰবহী নষ্ট হোৱা নাই । সেই মৰ্মে প্ৰশ্নকাকত ফাদিলৰ সম্ভাৱনা নাই-শৰ্মাই কয় । গুৰুত্বপূৰ্ণ কথা ছাত্ৰ-ছাত্ৰী পৰা পৰীক্ষা মাচুল সংগ্ৰহ কৰিও কিয় প্ৰশ্ন কাকত যুগুত কৰিবলৈ সক্ষম নহয় ছেবা, সেইয়া গভীৰ ৰহস্য ।

৯০৩টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হব বুলিও সংবাদমেলতে সদৰি কৰে ছেবা সচিব নৰনাৰায়ণ নাথে ।

লগতে পঢ়ক:ডিগবৈৰ কুখ্যাত তেলচোৰক কৰায়ত্ত

ABOUT THE AUTHOR

...view details