গুৱাহাটী, 20 এপ্ৰিলঃ এন আৰ চি সেৱা কেন্দ্ৰলৈ আহিও উভতি যাব লগা হৈছে সাধাৰণ ৰাইজ । কাৰণ বিষয়া উপস্থিত নাথাকে সেৱা কেন্দ্ৰত ৷ এই অভিযোগ আমাৰ নহয়, এই অভিযোগ আনিছে কালাপাহাৰ নিৱাসী সুজিত গিৰী নামৰ লোক জনে ৷
NRC সেৱা কেন্দ্ৰলৈ আহিও উভতি যাব লগা হৈছে সাধাৰণ ৰাইজ
কাৰণ বিষয়া উপস্থিত নথকাৰ অভিযোগ সেৱা কেন্দ্ৰত ৷ ফ'ন কৰি সেৱা কেন্দ্ৰলৈ মাতিও উপস্থিত নহ'ল বিষয়া ৷
NRC সেৱা কেন্দ্ৰলৈ আহিও ওভতি যাব লগা হৈছে সাধাৰণ ৰাইজ
সুজিত গিৰী নামৰ লোকজনৰ ১৩ জনীয়া পৰিয়ালক আজি গীতানগৰ হাইস্কুল স্থিত NRC সেৱা কেন্দ্ৰলৈ মাতি পঠিওৱা হৈছিল পৰিয়ালৰ বায়মেট্ৰিক কৰিবলৈ । NRC বিষয়াই ফোন কৰি ১২:৩০ বজাত সেৱা কেন্দ্ৰত উপস্থিত হ’বলৈ দিছিল সুজিতৰ পৰিয়ালক । সুজিতে পৰিয়ালসহ ১২:৩০ মিনিটত NRC সেৱা কেন্দ্ৰত উপস্থিত হৈ যদিও তিনি জন বিষয়াৰ ভিতৰত এজন বিষয়া উপস্থিত থাকে আৰু সুজিত গিৰীক সেৱা কেন্দ্ৰৰ পৰা ওভতাই পঠায় । সেয়ে বায়মেট্ৰিক নোহোৱাত ক্ষোভিত হৈ পৰে সুজিত গিৰী নামৰ লোকজন ৷