গুৱাহাটী, 31 আগষ্ট : ক্ৰমশঃ তিলতিলকৈ অপমৃত্যুৰ দিশে গতি কৰিছে মহানগৰীৰ সৰুচলা(Sarusala Beel) আৰু বৰচলা বিল(Barsala Beel) । এচাম অসচেতন মানুহৰ নিৰ্মম অত্যাচাৰ আৰু চৰকাৰৰ চূড়ান্ত অমনোযোগিতাৰ বাবে বিল দুখন নিশ্চিহ্ন হোৱাৰ পথত গতি কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷
এসময়ত বিধে বিধে পৰিভ্ৰমী আৰু থলুৱা পক্ষীৰ কলবৰত মুখৰ হৈ থকা বিল দুখন এতিয়া ভয়ংকৰভাৱে বেদখলকাৰীৰ কৱলত পৰিছে । বিল দুখন বেদখল(Encroachment) মুক্ত কৰিবলৈ প্ৰায় 35 বছৰ ধৰি দাবী জনাই আহিছে বৃহত্তৰ ছাত্ৰীবাৰী উন্নয়ন সমিতিয়ে ।
সমিতিৰ সভাপতি হেমেন লহকৰে এই সন্দৰ্ভত কয় যে, গুৱাহাটীস্থিত সৰুচলা বিল, বৰচলা বিল, শিলসাঁকো বিল, দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰা একমাত্ৰ প্ৰাকৃতিক সম্পদ । কিন্তু বিল কেইখনত অবাধ বেদখল চলি আছে । বিগত 5 বছৰত বৰচলা বিল আৰু সৰুচলা বিল দুখন বেদখল মুক্ত কৰাৰ বাবে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ।
উল্লেখ্য যে, কিছুদিন পূৰ্বৰ পৰা নতুনকৈ বৰচলা বিলৰ ভিতৰত সমাজ বিৰোধী চক্ৰ এটাই বেদখল কৰি মাটি পেলাবলৈ আৰম্ভ কৰিছে । তদুপৰি বিলৰ ভিতৰৰ ভূমিত ব্যক্তিগতভাৱে ফ্লেট নিৰ্মাণৰ পথ বনোৱাৰ বাবে গুৱাহটী পৌৰনিগমে(GMC) অনুমতি দিয়াৰ অভিযোগ তোলে ছাত্ৰীবাৰী উন্নয়ন সমিতিৰ সভাপতিয়ে ।