গুৱাহাটী, ১৮ অক্টোবৰ : শিলচৰ কাণ্ডকলৈ প্ৰতিক্ৰিয়া আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ । তেওঁ কয় যে, অসমত অসমীয়া ভাষাক অপমান সহ্য কৰা নহ'ব, অসম চৰকাৰে কি দায়িত্ব পালন কৰিব সেয়া লক্ষণীয় হ'ব । বিভিন্ন চক্ৰই বিভিন্ন ধৰণে বিষয়টোক আগুৱাই নিবলৈ চেষ্টা কৰা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য সমুজ্জ্বল ভট্টাচাৰ্য্যৰ । অসমত অসমীয়া ভাষাৰ মৰ্যাদা অটুট ৰাখিবলৈ অসম চৰকাৰক হাতে-কামে পদক্ষেও গ্ৰহণ কৰি দেখুৱালৈ আহ্বান ।
কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন কাৰ্য্যকৰী কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আকৌ এবাৰ বুজাই গ'ল এই ঘটনাই । উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনত সুৰক্ষাৰ বাবে সকলো কথা উল্লেখ আছে বুলিও মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা গৰাকীয়ে ।
আনহাতে, অল কায়দাৰ ঘটনা সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ ৷ আজিলৈ ভাৰত-বাংলা সীমান্ত ছিল কিয় নহ'ল ? উচ্চতম ন্যায়ালয়ে কেতিয়াবাই অসমত বৰ্হিআগ্ৰাসন হোৱা বুলি কোৱাৰ পিছতো চৰকাৰ কিয় নিমাত বুলিও প্ৰশ্ন উত্থাপন কৰে তেওঁ ৷