অসম

assam

ETV Bharat / state

Huge quantity of cash recovered: গুৱাহাটী ৰেল'ৱে ষ্টেচনত বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ

পল্টন বজাৰত জব্দ প্ৰায় ডেৰ কোটি (Huge quantity of cash recovered)৷ দিল্লীলৈ নি থকাৰ অৱস্থাত ৰেল’ৱে আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমানৰ ধন ৷

By

Published : Feb 15, 2022, 4:25 PM IST

Updated : Feb 15, 2022, 5:42 PM IST

Currency notes seized at Paltan Bazaar
পল্টনবজাৰ ৰেল'ৱে ষ্টেচনত বৃহৎ পৰিমাণৰ ধন জব্দ

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: পল্টনবজাৰ ৰেল'ৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ধন (Huge quantity of cash recovered from Guwahati Railway Station)। ৰেল’ৱে আৰক্ষীয়ে অভিযান চলাই এক কোটি ৪৮ লাখ ৩০ হাজাৰ ৬০০ টকা জব্দ কৰাৰ লগতে তিনিজন সৰবৰাহকাৰীক আটক কৰে ৷

আটকাধীন লোককেইজন ক্ৰমে উত্তৰ প্ৰদেশৰ অভিষেক শৰ্মা(২৭), উত্তৰ প্ৰদেশৰ উমেশ চান্দ শৰ্মা(৫২) আৰু নতুন দিল্লীৰ পৱন কুমাৰ (২৫) । অৰুণাচল প্ৰদেশৰ পৰা দিল্লীলৈ বৃহৎ পৰিমানৰ ধনখিনি নি থকাৰ অৱস্থাত আটক কৰা তিনিওজন লোককে ৰেল আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, পল্টনবজাৰ ষ্টেচনত অভিযান চলাই ৰেল সুৰক্ষা বাহিনী আৰু ৰেল আৰক্ষীয়ে মঙলবাৰে পুৱা প্ৰায় ৫ বাজি ৩০ মিনিটত টকাখিনি জব্দ কৰে । সোমবাৰে পল্টনবজাৰৰ হোটেলত নিশাটো কটাইছিল আটকাধীন লোক তিনিজনে ৷ ধৃত তিনি সৰবৰাহকাৰীয়ে মঙলবাৰে তেজছ এক্সপ্ৰেছেৰে টকাখিনি দিল্লীলৈ নিয়াৰ বাবে যো-জা চলাইছিল ।

লগতে পঢ়ক:নগাঁও আৰক্ষীয়ে পুনৰ চলালে গুলী : আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই জনালে কাৰণ

Last Updated : Feb 15, 2022, 5:42 PM IST

ABOUT THE AUTHOR

...view details